গ্ৰামাঞ্চলৰ পৰিয়ালসমূহৰ আয় ২০১৬-১৭ বৰ্ষৰ তুলনাত ২০২১-২২ বৰ্ষত ৫৭ শতাংশ বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক, নাবাৰ্ডৰ সৰ্বভাৰতীয় গ্ৰাম্য বিত্তীয় অন্তর্ভুক্তি জৰীপ অনুসৰি গ্ৰামাঞ্চলৰ পৰিয়ালসমূহৰ গড় মাহিলি আয় ২০২১-২২ বৰ্ষত ২০১৬-১৭ বৰ্ষৰ ৮ হাজাৰ ৫৯ টকাৰ পৰা ১২ হাজাৰ ৬৯৮ টকালৈ বৃদ্ধি পাইছে। একেদৰে পৰিয়ালসমূহৰ গড় মাহিলি ব্যয়ো ৬ হাজাৰ ৬০০ টকাৰ পৰা ১১ হাজাৰ ২০০ টকাৰো অধিক হৈছে। জৰীপ অনুসৰি এই সময়ছোৱাত গড় সঞ্চয়ো প্রায় ৯ হাজাৰ ১০০ টকাৰ পৰা ১৩ হাজাৰ ২০০ টকালৈ বৃদ্ধি পাইছে। প্রায় ৬৬ শতাংশ পৰিয়ালৰ সঞ্চয় ২০১৬-১৭ বৰ্ষৰ তুলনাত ২০২১-২২ বৰ্ষত ৫০ দশমিক ৬ শতাংশ বৃদ্ধি হৈছে। গ্ৰামাঞ্চলৰ পৰিয়ালসমূহৰ মাজত বীমাৰ সুবিধা গ্ৰহণ কৰা পৰিয়ালৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে। জৰীপৰ তথ্য অনুসৰি কমেও এগৰাকী সদস্যই বীমাৰ সুবিধা গ্ৰহণ কৰা পৰিয়ালৰ অনুপাত ২৫ দশমিক ৫ শতাংশৰ পৰা ৮০ শতাংশৰো অধিক হৈছে। নাবাৰ্ডৰ জৰীপত লগতে গ্রামাঞ্চলৰ খেতিয়কসকলক বিত্তীয় ব্যৱস্থাত সামৰি লোৱাৰ ক্ষেত্ৰত কিষাণ ক্রেডিট কাৰ্ডৰ ফলপ্ৰসূতাৰ বিষয়ে আলোকপাত কৰা হৈছে। পেন্সন ব্যৱস্থাত সামৰি লোৱা পৰিয়ালৰ সংখ্যাও প্ৰায় ১৯ শতাংশৰ পৰা ২৩ দশমিক ৫ শতাংশলৈ বৃদ্ধি পাইছে বুলি জৰীপত উল্লেখ কৰা হৈছে। ইয়াৰ বিপৰীতে এই সময়ছোৱাত বকেয়া ঋণৰ অনুপাত ২০১৬-১৭ বৰ্ষৰ প্ৰায় ৪৭ শতাংশৰ পৰা ৫২ শতাংশলৈ বৃদ্ধি পাইছে।