ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ কৃষকৰ মাজত ৪ লাখতকৈও অধিক ভূমি স্বাস্থ্য-পত্ৰ, কৃষি যন্ত্রপাতি বিতৰণ; ৯৬টা কৃষি জ্ঞান কেন্দ্ৰ মুকলি

ৰাজ্যৰ কৃষিখণ্ডৰ উন্নয়ন তথা কৃষকসকলৰ সহায়ক হোৱাকৈ চৰকাৰে আজি কৃষকসকলৰ মাজত বিভিন্ন কৃষি যন্ত্রপাতি আৰু ভূমি স্বাস্থ্য-পত্ৰ বিতৰণৰ লগতে কৃষি জ্ঞান কেন্দ্ৰ মুকলি কৰে। এই উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কৃষিমন্ত্ৰী অতুল বৰাই ২৫০টা কৃষক গোটৰ লগতে দুহেজাৰ ৪৯০ গৰাকী কৃষকলৈ ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, কঠীয়া ৰোপণ যন্ত্ৰকে ধৰি বিভিন্ন যন্ত্রপাতি বিতৰণ কৰে। অনুষ্ঠানত কৃষকসকলৰ মাজত ৪ লাখতকৈও অধিক ভূমি স্বাস্থ্য-পত্ৰ বিতৰণ কৰাৰ লগতে ৯৬টা কৃষি জ্ঞান কেন্দ্ৰও মুকলি কৰা হয়। ইয়াৰ লগতে ৯৩ টা কৃষিৰ উন্নয়ন বিষয়াৰ কাৰ্যালয় মুকলি কৰা হয়। এতিয়ালৈ ২৩ লাখৰো অধিক কৃষকক ভূমি স্বাস্থ্য পত্ৰ যোগান ধৰা হৈছে। ৰাজ্য চৰকাৰে ২০২৪-২৫ বৰ্ষত ১০ লাখ ভূমি স্বাস্থ্য পত্ৰ কৃষকৰ মাজত বিতৰণ কৰাৰ লক্ষ্য হাতত লৈছে। শীঘ্ৰে বাকী থকা ৬ লাখ কৃষককো ভূমি স্বাস্থ্য পত্র বিতৰণ কৰা হ’ব বুলি কৃষি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ।

গুৱাহাটী মহানগৰৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত ভূমি স্বাস্থ্য পত্ৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। শোণিতপুৰ জিলাত বিধায়ক পৃথ্বিৰাজ ৰাভাৰ উপস্থিতিত দুহেজাৰৰো অধিক কৃষকক আনুষ্ঠানিকভাৱে ভূমি স্বাস্থ্য পত্ৰ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে জিলাখনৰ কৃষি বিভাগৰ অধীনত থকা মাটি পৰীক্ষণ কেন্দ্ৰই ৯৪ খন গাঁৱৰ প্ৰায় ২৭ হাজাৰ কৃষকৰ ভূমিৰ নমুনা সংগ্ৰহ কৰাৰ বিপৰীতে ২৬০০ ৰো অধিক কৃষকৰ মাটিৰ নমুনা পৰীক্ষা সম্পন্ন কৰিছে। এই পৰীক্ষণৰ অন্তত কৃষি বিভাগে দুহেজাৰ ৮৬ খন ভূমি স্বাস্থ্য পত্র প্রস্তুত কৰে।

আনহাতে, যোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত বৰভেটাৰ মাটি পৰীক্ষাগাৰ কেন্দ্ৰত ৰাজ্য চৰকাৰে গুৱাহাটীত আয়োজন কৰা কৃষি যন্ত্র-পাতি, ভূমি স্বাস্থ্য পত্ৰ বিতৰণৰ লগতে কৃষি কেন্দ্ৰৰ মুকলি অনুষ্ঠান পোনপটীয়াকৈ সম্প্ৰচাৰ কৰে।

অধিক পঢ়ক

সকলো চাওক