ডাউনলোড
মোবাইল এপ

android apple
signal

March 18, 2025 12:24 PM | Atul Bora

printer

ৰাজ্যৰ ৫০০ টা কৃষক উৎপাদক সংস্থাক ১০ লাখ টকাকৈ অনুদান দিয়াৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত

ৰাজ্যৰ ৫০০ টা কৃষক উৎপাদক সংস্থাক ১০ লাখ টকাকৈ অনুদান দিয়াৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰা বুলি কৃষি মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে ইয়াৰ বাবে বাজেটত ধন ধাৰ্য কৰা বুলি শ্ৰী বৰাই উল্লেখ কৰিছে। কৃষক উৎপাদনক সংস্থাসমূহে বন্ধকুমক্ত ঋণ প্ৰদান কৰিব পৰাকৈ এইবাৰৰ বাজেটত ক্রেডিট গেৰাণ্টি ফাণ্ড আঁচনিৰো প্ৰস্তাৱ দিয়া হৈছে বুলি তেওঁ কয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ মৰ্মে এইবাৰৰ বাজেটত ধান, মাকৈ আৰু সৰিয়হৰ ক্ষেত্ৰত কৃষকসকলে লাভ কৰা ন্যূনতম সমর্থন মূল্যৰ উপৰি প্ৰতি কুইণ্টল ধান আৰু মাকৈত ২৫০ টকাকৈ আৰু প্ৰতি কুইণ্টল সৰিয়হত ৫০০ টকাকৈ চৰকাৰী সাহায্য আগবঢ়োৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে।

কৃষি বিভাগৰ উদ্যোগত আৰু অসম ক্ষুদ্র কৃষক কৃষি বাণিজ্য কনছ’ৰটিয়ামৰ সহযোগত গুৱাহাটীৰ পাঞ্জাবাৰীৰ শিল্পগ্রামত কালিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কৃষক উৎপাদক মেলাত অংশগ্রহণ কৰি মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰিছে। কৃষি মন্ত্ৰীগৰাকীয়ে এই মেলাৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈ বিভিন্ন বিপণীসমূহ প্ৰত্যক্ষ কৰাৰ লগতে কৃষক তথা কৃষি উদ্যোগীসকলৰ সৈতে মত-বিনিময় কৰে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে বছৰত দুটা বা তিনিটা বাণিজ্যিক মূল্য থকা শস্যৰ খেতিৰ প্ৰতি কৃষকসকলক আগ্রহী কৰি তোলাৰ বাবে এই মেলা অনুষ্ঠিত কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ কৃষি খণ্ডৰ ৰূপান্তৰৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাক এই মেলাই নতুন গতি দিবলৈ সমৰ্থ হ’ব বুলি শ্ৰীবৰাই আশা প্ৰকাশ কৰে। তেওঁ কয় যে ২০২০ চনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ কৃষকসকলক সংঘবদ্ধ কৰি কৃষিক উপাৰ্জনৰ নিশ্চিত ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ বাবে সমগ্ৰ দেশত ১০ হাজাৰ কৃষক উৎপাদক সংস্থা গঠনৰ আঁচনি লৈছে। অসমত গঠন হোৱা এনে সংস্থাসমূহে ৰাজ্যখনত নৱজাগৰণৰ সূচনা কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটতো মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনাৰ অধীনত কৃষক উৎপাদক সংস্থাসমূহক শক্তিশালী কৰি তোলাৰ বাবে পদক্ষেপ লোৱা হৈছে। এই সংস্থাসমূহৰ কৃষিকৰ্মৰ পৰিচালনা ব্যয়ৰ বাবে প্ৰতিটো সংস্থালৈ ১০ লাখকৈ টকা আগবঢ়াবলৈও বাজেটত প্ৰস্তাৱ লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয় ।

অধিক পঢ়ক

সকলো চাওক