ডাউনলোড
মোবাইল এপ

android apple
signal

February 19, 2025 7:52 PM | Atul Bora

printer

যোৱা বছৰৰ ৩১ ডিচেম্বৰলৈকে মুঠ ৩০, ১১৫ জন বিদেশীক বহিষ্কাৰ কৰা হৈছে বুলি অতুল বৰাৰ প্ৰকাশ

অসম চুক্তিৰ ৬ নম্বৰ দফাত থকা অসমীয়াৰ বাবে সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণৰ উদ্দেশ্যে এতিয়ালৈকে অসমীয়াৰ সংজ্ঞা নিৰূপণৰ সন্দৰ্ভত এটা সৰ্বসন্মত সিদ্ধান্তত উপনীত হ’ব পৰা নাই। অসম বিধানসভাত আজি বিধায়ক আমিনুল ইছলামৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই এই কথা প্ৰকাশ কৰি কয়, যে চুক্তিৰ দফা অনুযায়ী অসমীয়াৰ সংজ্ঞা এতিয়ালৈকে নিৰূপণ কৰা হোৱা নাই। শ্ৰীবৰাই কয়, যে বিপ্লৱ কুমাৰ শৰ্মা কমিটীয়ে অসম চুক্তিৰ ৬ নম্বৰ দফাৰ ৰূপায়ণ সন্দৰ্ভত দাখিল কৰা প্ৰতিবেদনৰ প্ৰতিলিপি অসম চুক্তি ৰূপায়ণ বিভাগৰ ৱেবছাইটত আপলোড কৰা হৈছে। বিধায়ক আব্দুৰ ৰহিম আহমেদে উত্থাপন কৰা আন এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়, যে ৬ নম্বৰ দফাৰ ৰূপায়ণ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অসম চৰকাৰৰ দুলানি বৈঠক অনুষ্ঠিত হৈছে। অসম মন্ত্রীসভাই ৬ নম্বৰ দফাৰ অন্তৰ্গত আৰু বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদনৰ আধাৰত ৰাজ্য চৰকাৰৰ আওঁতাত পৰা ৫২টা পৰামৰ্শৰ ক্ষেত্ৰত ৰূপৰেখা তৈয়াৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু এই ৰূপৰেখা তৈয়াৰ কৰি থকা হৈছে বুলি মন্ত্ৰী বৰাই সদনক জানিবলৈ দিয়ে। যোৱা বছৰৰ ৩১ ডিচেম্বৰলৈকে অসম চুক্তিৰ অধীনত ৰাজ্যখনত প্ৰৱেশ কৰা মুঠ ১ লাখ ৬৫ হাজাৰ ৫৫১ জন লোকক বিদেশী বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে ৩২ হাজাৰ ৮৭০ জন ১৯৬৬ আৰু ১৯৭১ চনৰ ভিতৰত অহা বিদেশী আৰু ১ লাখ ৩২ হাজাৰ ৬৬১ জন ১৯৭১ চনৰ পাছত অহা বিদেশী। ৰাজ্যখনৰ পৰা ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে মুঠ ৩০ হাজাৰ ১১৫ জন বিদেশীক বহিষ্কাৰ কৰা হৈছে বুলি অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে সদনত প্ৰকাশ কৰে ।

বিধায়ক তেৰছ গোৱালাৰ আন এটা প্ৰশ্নৰ উত্তৰত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই কয়, যে অসম চৰকাৰে মৰাণ, মটক, আহোম, চুতীয়া, কোচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ ৩৬টা জনগোষ্ঠীক জনজাতি মর্যাদা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে। চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে নৃগোষ্ঠীয় প্রতিবেদন প্ৰস্তুত কৰাৰ বাবে অসম চৰকাৰে ২০১১ চনৰ ২৫ জুলাইত গঠন কৰা তিনিজনীয়া সমিতিৰ প্ৰতিবেদনো ২০১২ চনৰ ১২ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হৈছিল বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে।

 

অধিক পঢ়ক

সকলো চাওক