October 22, 2024 6:07 PM | Atul Bora

printer

যুৱ উদ্যমীসকললৈ ৰাজ্য চৰকাৰৰ আৰ্থিক অনুদান

যুৱ উদ্যমীসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ লগতে বহনক্ষম আৰ্থিক উন্নয়নৰ ভেটি সমৃদ্ধিশালী কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে আৰ্থিক অনুদান প্ৰদানৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি কৃষিমন্ত্ৰী অতুল বৰাই আজি পশুপালন আৰু পশু চিকিৎসা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত গুৱাহাটীত এখন বৈঠকত মিলিত হয়। বৈঠকত গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল কৰাৰ বাবে পশুপালন আৰু দুগ্ধখণ্ডত মনোনিৱেশ কৰা যুৱক-যুৱতীসকলক সহায়-সহযোগিতা প্ৰদানৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। ৰাষ্ট্ৰীয় গকুল মিছন, হাঁহ-কুকুৰা উদ্যমীৰ বাবে সহযোগিতা আৰু সুযোগ সৃষ্টি কাৰ্যসূচীকে ধৰি বিভিন্ন পদক্ষেপৰ শেহতীয়া অগ্ৰগতিৰ বিষয়ে বৈঠকত পর্যালোচনা কৰা হয়। ইয়াৰ উপৰি সমন্বিত নমুনা জৰীপৰ সমান্তৰালকৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অন্যান্য আঁচনিসমূহৰ বিষয়েও বৈঠকত মূল্যায়ন কৰা হয়। হাঁহ-কুকুৰা পালন, গাহৰি পালন, ছাগলী পালন আৰু দুগ্ধ উৎপাদনৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত কৃষি মন্ত্ৰীগৰাকীয়ে পৰ্যালোচনা কৰে। ৰাজ্যত অহা ১ নৱেম্বৰৰ পৰা মুকলি হবলগীয়া পশুধন গণনা কাৰ্যসূচীৰ প্ৰস্তুতি, পশুধনৰ কৃত্ৰিম প্ৰজনন, দুগ্ধ সংসাধন উদ্যোগসমূহৰ শেহতীয়া স্থিতিৰ বিষয়েও বৈঠকত পর্যালোচনা কৰা হয়। কৃষি মন্ত্ৰীগৰাকীয়ে বৈঠকত ভিতৰুৱা অঞ্চলত ভ্রাম্যমান পশু চিকিৎসা ইউনিটৰ সুকলমে প্রয়োগ কৰাৰ লগতে পর্যাপ্ত পশু চিকিৎসক আৰু ঔষধ উপলব্ধ থকাটো নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তদুপৰি টীকাকৰণ অভিযানৰ জৰিয়তে পশুধনৰ ৰোগ নিয়ন্ত্ৰণৰ বিষয়েও বৈঠকখনত আলোচনা কৰা হয়। তেওঁ বৈঠকত পশুধনসমূহৰ সুস্বাস্থ্য নিশ্চিতকৰণৰ জৰিয়তে পশুপালন খণ্ডৰ সৰ্বাংগীন উন্নয়ন সাধন কৰাৰ বাবে টীকাকৰণৰ নিৰ্ধাৰিত লক্ষ্য নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক