কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত প্ৰকল্পত ‘সমর্থ’ আঁচনি উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

কেন্দ্ৰীয় বস্ত্ৰ শিল্প আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি যোৰহাটৰ লাহদৈগড়ত কেন্দ্রীয় মুগা, এড়ী, গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ৰূপালী জয়ন্তী উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই প্রতিষ্ঠানটোৱে ৰেচম উদ্যোগ বিশেষকৈ মূগা আৰু এড়ী, ৰেচম সূতা উৎপাদনৰ ক্ষেত্ৰত বিগত ২৫ বছৰে গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াই আহিছে। আজি উদ্বোধনী অধিৱেশনৰ পাছতেই প্ৰদৰ্শনী মুকলি, কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ ইতিহাস দেৱাল আদি উন্মোচন, তথ্যচিত্ৰ আৰু স্মাৰক উন্মোচন, গ্রন্থ উন্মোচন কাৰ্যসূচী আদি লোৱা হয়। মন্ত্ৰীগৰাকীয়ে আজি কঁহৰাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত প্ৰকল্পত সমর্থ শীর্ষক আঁচনি উদ্বোধনী অনুষ্ঠানত অংশ লয়। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে কাঠৰ পুতলা নির্মাণ শিল্প প্ৰশিক্ষণৰ বাবে ৫০ দিনীয়া গুৰু-শিষ্য হস্তশিল্প প্রশিক্ষণ কার্যসূচী গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰে। তেওঁ কয় যে, বস্ত্ৰশিল্প মন্ত্ৰ্যালয়ৰ অধীনত গ্ৰহণ কৰিবলগীয়া এই কাৰ্যসূচীৰ অধীনত ৩০ গৰাকীকৈ স্থানীয় শিল্পীৰ দক্ষতা বিকাশ কৰি তেওঁলোকক শিল্পী কাৰ্ড প্ৰদান কৰা হ’ব। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত প্ৰকল্পৰ সহযোগত কেন্দ্ৰীয় ৰেচম বোর্ডে কাজিৰঙা প্ৰান্তীয় সম্প্ৰদায়ৰ শিপিনীসকলৰ বাবে সমর্থ আঁচনিৰ অধীনত দক্ষতা বিকাশ কাৰ্যসূচী আৰম্ভ কৰিছে। এই কাৰ্যসূচীৰ জৰিয়তে এশগৰাকী শিপিনীক সামৰি লোৱা হ’ব। আজিৰ পৰা ৩ ডিচেম্বৰলৈ চলিবলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীয়ে শিপিনীসকলক জীৱিকাৰ বিকল্প সুযোগ দিব বুলি আশা কৰা হৈছে। আজিৰ অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, কেশৱ মহন্ত, উৰ্খাও গৌৰা ব্ৰহ্ম আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক