ডাউনলোড
মোবাইল এপ

android apple
signal

মহাৰাষ্ট্ৰৰ গড়চিৰোলী ছত্তীশগড় সীমান্তৰ এটাপল্লী খণ্ডত নক্সালবিৰোধী অভিযানত ১২ নক্সালবাদী নিহত

মহাৰাষ্ট্ৰৰ গড়চিৰোলী ছত্তীশগড় সীমান্তৰ সমীপৰ এটাপল্লী খণ্ডত নক্সালবিৰোধী অভিযানত ১২জন নক্সালবাদী নিহত হৈছে। আৰক্ষীয়ে ৱাণ্ডোলী গাঁৱৰ বনাঞ্চলত কালি বিয়লি নক্সালবিৰোধী অভিযান চলোৱাৰ সময়ত আত্মগোপন কৰি থকা নক্সালবাদীৰ দলে আৰক্ষীক লক্ষ্য কৰি নিৰ্বিচাৰে গুলীচালনা কৰে। প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীচালনা কৰিবলৈ বাধ্য হয়। এই সংঘর্ষত ১২জন নক্সালবাদী নিহত হয়। গড়চিৰোলীৰ আৰক্ষী অধীক্ষক নিলোৎপলে জনাইছে যে তালাচী অভিযান তীব্ৰতৰ কৰি তোলা হৈছে আৰু আৰক্ষীয়ে বৰ্তমানলৈকে নক্সালবাদীৰ ১২টা শৱদেহ উদ্ধাৰ কৰিছে। আৰক্ষীয়ে তিনিটা একে-৪৭ ৰাইফল, দুটা আই এন এছ এ এছ ৰাইফল, এটা কাৰ্বাইন আৰু এটা ছেলফ লোডেড ৰাইফলসহ ভালেমান অস্ত্র-শস্ত্র জব্দ কৰিছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰিছে। এই সংঘৰ্ষত আহত হোৱা এগৰাকী সহকাৰী আৰক্ষী পৰিদৰ্শক আৰু এগৰাকী কনিষ্টবলক চিকিৎ‍সাৰ বাবে নাগপুৰলৈ স্থানান্তৰিত কৰা হৈছে। মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী তথা গৃহমন্ত্রী দেবেন্দ্র ফাড়নবিছে এই সংঘর্ষক বিগত কেইটামান বছৰত নক্সালবাদীৰ সৈতে হোৱা গুৰুতৰ সংঘৰ্ষ বুলি অভিহিত কৰিছে। তেওঁ লগতে গড়চিৰোলী আৰক্ষীক তেওঁলোকৰ সাহসিকতাৰ বাবে ৫১ লাখ টকাৰে পুৰস্কৃত কৰাৰ কথা ঘোষণা কৰিছে।

অধিক পঢ়ক

সকলো চাওক