ডাউনলোড
মোবাইল এপ

android apple
signal

March 25, 2025 6:06 PM | Assam Assembly

printer

আজিৰে পৰা অনিৰ্দিষ্টকাললৈ অসম বিধানসভাৰ ১৫ দিনীয়া বাজেট অধিবেশন স্থগিত

অসম বিধানসভাৰ ১৫ দিনীয়া বাজেট অধিবেশন আজিৰে পৰা অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে যোৱা ১৭ ফেব্ৰুৱাৰীত কোকৰাঝাৰ বিটিচি বিধায়িনী ভৱনত ৰাজ্যপালৰ ভাষণেৰে বাজেট অধিৱেশন আৰম্ভ হয়। ইয়াৰ পাছত ১৯ ফেব্ৰুৱাৰীৰ পৰা অধিৱেশনৰ কাৰ্যসূচীসমূহ দিছপুৰৰ বিধানসভা ভৱনত অনুষ্ঠিত হয়। ১০ মাৰ্চত বিত্তমন্ত্রী অজন্তা নেওগে সদনত ২০২৫-২৬ বৰ্ষৰ বাজেট উত্থাপন কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে এইবাৰৰ বাজেট অধিৱেশনত অসম ব্যক্তিগত বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক, ৰাজ্যিক বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক, অসম কচিং ইনষ্টিটিউট নিয়ন্ত্ৰণ আৰু নিয়মাৱলী বিধেয়ক আৰু তিনিখন নতুন বিশ্ববিদ্যালয় স্থাপন বিধেয়ককে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হয়। বিধানসভাৰ এইবাৰৰ অধিৱেশনত সাংসদ ৰকিবুল হুছেইনক দুৰ্বৃত্তই আক্ৰমণ কৰা, বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অশোভনীয় আচৰণ, বিধায়ক মনোৰঞ্জন তালুকদাৰৰ বিতৰ্কিত অডিঅ’ বার্তা, উপাধ্যক্ষ ডাঃ নোমল মমিনৰ গাত কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই হাত দিয়াৰ অভিযোগ আদি কেইবাটাও বিতর্কিত ঘটনা চৰ্চালৈ আহে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত অনুষ্ঠিত এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সফল সামৰণি আৰু অসমলৈ দেশী-বিদেশী বিনিয়োগকাৰীৰ বিনিয়োগৰ প্ৰস্তাৱ সম্পৰ্কেও সদনত বিবৃতি দিয়ে। অসম বিধানসভাই এইবাৰৰ অধিৱেশনতে ভাৰতীয় ক্রিকেট দলৰ চেম্পিয়নছ ট্ৰফী লাভ আৰু অসম সন্তান দেৱজিত শ‍ইকীয়া বিচিচিআইৰ সচিবৰূপে নিৰ্বাচিত হোৱাকে ধৰি কেইবাটাও সফলতাৰ বাবে অভিনন্দনসূচক প্ৰস্তাৱ গ্ৰহণ কৰে। আজি সদনৰ অধিৱেশনৰ সামৰণিত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এইবাৰৰ অধিৱেশনৰ সফল সামৰণিৰ বাবে বিটিচি কর্তৃপক্ষ, অসম চৰকাৰ, মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী পৰিষদৰ সদস্যসকল, চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু সংবাদ মাধ্যমৰ প্ৰতি কৃতজ্ঞতা জনায়।

অধিক পঢ়ক

সকলো চাওক