ডাউনলোড
মোবাইল এপ

android apple
signal

বিধায়ক মনোৰঞ্জন তালুকদাৰৰ সামাজিক মাধ্যমত ভাইৰেল হোৱা অডিঅ’ বাৰ্তা সন্দৰ্ভত তদন্তৰ দাবী বিধায়ক মানৱ ডেকাৰ

অসম বিধানসভাত আজি বিজেপিৰ মানৱ ডেকাই চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ৰাজ্যত চলি থকা দুর্নীতি, ছিণ্ডিকেট আৰু ৰেট হোল মাইনিঙৰ সন্দৰ্ভত যোৱা ৫ মাৰ্চত সোধা প্ৰশ্ন আৰু পৰৱৰ্তীকালত সামাজিক মাধ্যমত ভাইৰেল হোৱা বিধায়ক তালুকদাৰৰ বুলি অভিযোগ কৰা এটা অডিঅ’ বাৰ্তাৰ প্ৰসংগ উত্থাপন কৰে। বিধায়ক মানৱ ডেকাই এই অডিঅ’ বার্তা সন্দৰ্ভত তদন্ত হ’ব লাগে বুলি দাবী জনায়। বিধায়ক মনোৰঞ্জন তালুকদাৰে অডিঅ’ বাৰ্তাৰ সত্যাসত্য নিৰূপণৰ বাবে তেওঁ প্ৰয়োজন সাপেক্ষে আদালতৰ দ্বাৰস্থ হ’ব বুলি প্ৰকাশ কৰে। বিষয়টোত হস্তক্ষেপ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, যে তেওঁৰ কার্যকালত ২৪ জন প্রথম শ্ৰেণীৰ উচ্চ পৰ্যায়ৰ বিষয়া, ৮০ জন দ্বিতীয় শ্রেণীৰ বিষয়াকে ধৰি মুঠ ৩৪৯ গৰাকী চৰকাৰী বিষয়াক দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। ৰেট হোল মাইনিং সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত কয়লাৰ গোচৰত এজনো লোকক গ্ৰেপ্তাৰ নকৰাৰ বিপৰীতে বিজেপি চৰকাৰে ৩ লাখ মেট্রিক টনতকৈও অধিক কয়লা জব্দ কৰাৰ লগতে ২২৮ জন লোকক গ্ৰেপ্তাৰ কৰিছে। ৰাজ্য চৰকাৰৰ মাদক দ্রব্য বিৰোধী অভিযানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে ২০১১ৰ পৰা ২০১৫ চনলৈ ৰাজ্যত ৪০০ কোটি টকা মূল্যৰ মাদক দ্ৰব্য জব্দ কৰা হৈছিল। আনহাতে ২০২১ৰ পৰা বৰ্তমানলৈকে ২ হাজাৰ ৬০০ কোটি টকা মূল্যৰ মাদক দ্ৰব্য জব্দ কৰা হৈছে আৰু এই সংক্ৰান্তত ১৯ হাজাৰ লোকক আটক কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক