দেশৰ বিভিন্ন ৰাজ্যৰ ২৫ খন বিধানসভা আসনৰ বাবে অনুষ্ঠিত উপ-নির্বাচনৰ ফলাফল ঘোষণা

দেশৰ বিভিন্ন ৰাজ্যৰ ২৫খন বিধানসভা আসনৰ বাবে অনুষ্ঠিত উপ-নির্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে। এই আসনৰ ১১খন বিজেপিয়ে, কংগ্ৰেছে ৭খন সমাজবাদী পাৰ্টী আৰু তৃণমূল কংগ্ৰেছে দুখনকৈ, চি পি আই (এম এল), জে এম এম আৰু বি এ পিয়ে এখনকৈ আসন লাভ কৰিছে। বিজেপিয়ে গুজৰাট ৫খন আৰু হাৰিয়ানাত এখন আসনত জয়লাভ কৰিছে। হিমাচল প্রদেশত বিজেপিয়ে দুখন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৪খন আসনত বিজয়ী হৈছে। বিহাৰৰ একমাত্ৰ আসনখন চি পি আই (এম এল)য়ে লাভ কৰিছে। ঝাৰখণ্ডত ঝাৰখণ্ড মুক্তি মৰ্চাই ১খন আৰু কৰ্ণাটকত কংগ্ৰেছে ১খন আসন দখল কৰিছে। ৰাজস্থানত ভাৰত আদিবাসী পার্টীয়ে এখন আসন লাভ কৰিছে। কংগ্ৰেছে তামিলনাডু আৰু তেলেংগানাত এখনকৈ আসন লাভ কৰিছে। উত্তৰ প্ৰদেশত বিজেপিয়ে দুখন আৰু ত্ৰিপুৰাত এখন আসনত বিজয় সাব্যস্ত কৰিছে। আহনাতে, সমাজবাদী পাৰ্টীলৈ উত্তৰ প্ৰদেশত দুখন আসন লাভ কৰাৰ লগতে তৃণমূল কংগ্রেছে পশ্চিম বংগত দুখন আসনত জয়লাভ কৰিছে।

অধিক পঢ়ক

সকলো চাওক