ডাউনলোড
মোবাইল এপ

android apple
signal

অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ স্বীকৃতি লাভৰ আনন্দ উদযাপনৰ বাবে ৩-৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালনৰ প্ৰস্তুতি

অসম চৰকাৰে অসমীয়া ভাষাই ধ্রুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰাৰ আনন্দ উদযাপনৰ বাবে অহা ৩ৰ পৰা ৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালনৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰীৰ পৰামৰ্শমৰ্মে প্ৰতিখন জিলাতে এই সপ্তাহৰ কাৰ্যসূচীৰ অংশ হিচাপে অসমৰ বৰেণ্য সাহিত্যিকসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ উপৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এই উপলক্ষে এখন সভা অনুষ্ঠিত হয়। এই সভাত জিলাখনৰ আয়ুক্তই ভাষা গৌৰৱ সপ্তাহ নিয়াৰিকৈ পালন কৰাৰ বাবে আহ্বান জনায়। জিলা প্ৰশাসনৰ উদ্যোগত ৩ নৱেম্বৰত এই সপ্তাহ উদযাপনৰ বিপৰীতে সপ্তাহটোৰ অন্য দিনকেইটাত বিদ্যালয়, মহাবিদ্যালয়, সাহিত্যানুষ্ঠান, ক্রীড়া তথা যুৱ সংঘ, আত্মসহায়ক গোট আদিক নিজৰ সুবিধা অনুযায়ী ভাষা গৌৰৱ সপ্তাহ পালন কৰিবলৈ কোৱা হৈছে। অনুষ্ঠানসমূহৰ ৰাজ্য চৰকাৰৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ ধন্যবাদসূচক পত্র প্ৰেৰণৰ বাবেও আহ্বান জনোৱা হৈছে। গোলাঘাট জিলাৰ দক্ষিণ খণ্ড উন্নয়নৰ বিষয়াৰ প্ৰেক্ষাগৃহত আজি ভাষা গৌৰৱ সপ্তাহ উদযাপন সন্দৰ্ভত আলোচনা কৰা হয়। অনুষ্ঠানত জিলা প্ৰশাসনৰ বিষয়ববীয়াৰ লগতে খণ্ড উন্নয়ন বিষয়া তথা অন্যান্য চৰকাৰী বিষয়া উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক