আসন্ন লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত

আসন্ন লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ পৰিছে। এই উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তিতাবৰৰ বোকাহোলা চাহ বাগিচাত অনুষ্ঠিত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সমবেত ৰাইজক উদ্দেশ্যে দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলক বিশ্বৰ সন্মুখত পৰিচিত কৰিবলৈ ভালেমান পদক্ষেপ লোৱা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীৰ ২৬ বাৰ অসম ভ্রমণে অসমৰ বিভিন্ন পর্যটনক্ষেত্রসমূহ বিশ্ববাসীক চিনাকি কৰাই দিয়া বুলিও মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে। স্বাধীনোত্তৰ ভাৰতত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনেহে অসম তথা অসমৰ সংস্কৃতিক যথোপযুক্ত সন্মান আগবঢ়োৱা বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই দাবী কৰে। ইফালে ৰাজ্যৰ যোগান মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি গোসাঁইগাঁৱত এন ডি এৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ চলায়। গোসাঁইগাঁও মহকুমাৰ ভাওৰাগুৰি সমূহীয়া ভৱনত আয়োজিত বিজেপি, ইউ পি পি এল আৰু অগপৰ জনসম্পৰ্ক অভিযান কার্যসূচীত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিৰ চৰকাৰে ৰাইজক দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিছে বুলি দাবী কৰে। বিজেপি নেতৃত্বাধীন এন ডি এয়ে সেৱাৰ মনোভাৱেৰে ক্ষমতালৈ আহিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এই সেৱাৰ মনোভাৱে জনসাধাৰণৰ আস্থাক আকৌ জয় কৰিব। বাক্সা জিলাৰ ঢেকীয়াজানীতো আজি বিটিআৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে জয়ন্ত বসুমতাৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায়। আনহাতে কাজিৰঙাত বিজেপিৰ প্ৰভাৰী অভিমন্যু সিঙে সাংবাদিকক সম্বোধন কৰি কয় যে, বিকাশ আৰু প্ৰগতিক মূলমন্ত্ৰ হিচাপে লৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা দলটোৱে এইবাৰ অসমৰ সংখ্যালঘু লোকসকলকো আকৰ্ষণ কৰিব পাৰিছে। ইফালে যোৰহাটত কংগ্ৰেছ প্রার্থী গৌৰৱ গগৈয়ে নির্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি অসমৰ চহকী ঐতিহ্য আৰু বৈচিত্ৰপূৰ্ণ সংস্কৃতিৰ সহাৱস্থানৰ বিষয়ে উল্লেখ কৰি কয় যে, অঞ্চলটোৰ শান্তি, প্রগতি আৰু সমৃদ্ধিৰ বাবে কাম কৰিবলৈ তেওঁ দৃঢ় সংকল্পবদ্ধ।

অধিক পঢ়ক

সকলো চাওক