দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। এই উপলক্ষে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই অংশ গ্ৰহণ কৰে। ইপিনে, শোণিতপুৰত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই অংশ গ্রহণ কৰে। যোগ দিৱসৰ কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, নিয়মিত যোগাভ্যাস শৰীৰৰ লগতে ব্যক্তিৰ মনৰো উৎকৰ্ষ সাধন কৰে। লগতে সুস্থ আৰু নিৰোগী জীৱন যাপনৰ বাবে অভিভাৱকসকলক নিজৰ সন্তানকো যোগসাধনাৰ বাবে অনুপ্রাণিত কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী কেশৱ মহন্ত, অশোক সিংহলসহ কেইবাগৰাকী বিধায়কে অংশ লয়। ইপিনে তিনিচুকীয়াত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশ লৈ সকলোকে যোগাভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনায়। বজালী জিলাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, গোলাঘাট জিলাত সাংসদ কামাখ্যা প্রসাদ তাছা, ধেমাজি জিলাত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে যোগ দিৱসৰ কাৰ্যসূচীত অংশ লয়। ওদালগুৰি জিলাত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, কামৰূপত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে যোগ দিৱসৰ কাৰ্যসূচীত অংশ লয়। লখিমপুৰত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচীত মন্ত্রী পীযুষ হাজৰিকাই অংশ লোৱাৰ লগতে ডিব্ৰুগড় জিলাত মন্ত্ৰী বিমল বৰাই অংশগ্ৰহণ কৰে। নলবাৰীত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, বাক্সাত মন্ত্রী নন্দিতা গালোচা আৰু কোকৰাঝাৰত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে এই কাৰ্যসূচীত অংশ লয়। বিশ্বনাথত সাংসদ ৰণজিৎ দত্ত, বঙাইগাঁৱত সাংসদ ফণীভূষণ চৌধুৰী, দৰঙত সাংসদ দিলীপ শ‍ইকীয়া আৰু গোৱালপাৰাত সাংসদ বিজুলী কলিতা মেধিয়ে যোগ দিৱসৰ কাৰ্যসূচীত অংশ লয়। ধুবুৰী জিলা প্রসাশনৰ সহযোগত আৰু ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ উদ্যোগত যোগ দিৱসৰ কাৰ্যসূচী পালন কৰা হয়। জিলা আয়ুক্ত দিৱাকৰ নাথে উদ্বোধন কৰা অনুষ্ঠানত সমূহীয়া যোগাভ্যাসৰ লগতে বিশেষ যোগ প্রদর্শন কার্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত জিলাখনৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। ইপিনে, চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত জিলা ৰাজহুৱা খেলপথাৰ ষ্টেডিয়ামত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচী মন্ত্ৰী যোগেন মহনে অংশ লয়। কার্বি আংলং জিলাৰ ডিফু-কাছা ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত সমূহীয়া যোগ কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অংশ লয়। বৰপেটা জিলা গ্রামোন্নয়ন অভিকৰণৰ প্ৰেক্ষাগৃহতো বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়।

অধিক পঢ়ক

সকলো চাওক