দেশৰ অন্যান্য ঠাইৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ প্ৰস্তুতি অব্যাহত

দৈনন্দিন জীৱনশৈলী সুস্থ আৰু সুন্দৰ কৰি তোলাৰ বাবে যোগাভ্যাসৰ গুৰুত্ব সমগ্ৰ বিশ্বৰ জনসাধাৰণে উপলব্ধি কৰিছে। ২০১৪ চনত ৰাষ্ট্ৰসংঘত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণত এই বিষয়ে উত্থাপন কৰাৰ পাছতেই ২০১৫ চনৰ ২১ জুনৰ পৰা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰস্তাৱ মৰ্মে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন আৰম্ভ কৰা হয়। বিশ্বৰ বিভিন্ন দেশে যোগৰ উপকাৰিতাক মান্যতা দিয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় স্তৰত যোগৰ গুৰুত্ব অধিক বৃদ্ধি পাইছে৷
ইফালে দেশৰ অন্যান্য ঠাইৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ প্ৰস্তুতি অব্যাহত আছে। তামুলপুৰ জিলাৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কাইলৈ এখন জিলা পৰ্যায়ৰ যোগাভ্যাস প্রতিযোগিতা অনুষ্ঠিত হ’ব। প্ৰতিযোগিতা মুঠ ৪টা শাখাত নুষ্ঠিত হ’ব। ১০ বছৰ বয়সলৈ প্ৰথম শাখা, ১০ৰ পৰা ১৮ বছৰলৈ দ্বিতীয় শাখা, ১৮ৰ পৰা ৩৫ বছৰলৈ তৃতীয় শাখা আৰু ৩৫ বছৰৰ ওপৰৰ লোকসকলে চতুর্থ শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। বিজয়ীসকলক অহা ২১ জুনত হ’বলগীয়া তামুলপুৰ জিলাভিত্তিক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনা প্ৰমাণ পত্ৰ আৰু বঁটাৰে পুৰস্কৃত কৰা হ’ব। যোৰহাট চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ৰ কৰ্মচাৰীসকলে আজি বিভিন্ন যোগাসন প্ৰদৰ্শন কৰে। চিকিৎসালয়খনৰ ফিজিঅ’ল’জী বিভাগৰ মুৰববী ড০ গীতা বৰুৱাৰ তত্ত্বাৱধানত এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিশ্ববিদ্যালয় আৰু গুৱাহাটীৰ ভাৰতীয় যোগাভ্যাস সংস্কৃতি তথা যোগ থেৰাপী কেন্দ্ৰৰ যৌথ উদ্যোগত এই কার্যসূচী অনুষ্ঠিত হয়। ইপিনে, ঢেকিয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত চিৰাজুলিৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত সমাগত যোগ দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় আয়ুষ মিছন অসমৰ উদ্যোগত তথা শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত এই যোগাভ্যাস কাৰ্যসূচীত গুৱাহাটীৰ আৰ্ট অৱ লিভিং ফাউণ্ডেশ্যনৰ যোগ প্ৰশিক্ষক ব্ৰহ্মচাৰী মাধৱানন্দই প্ৰশিক্ষণ প্ৰদান কৰে। যোগাভ্যাসৰ অন্তত অসম ৰাজ্যিক পাঠ্যপুঠি প্ৰকাশন আৰু প্ৰণয়ন নিগমৰ উপাধ্যক্ষগৰাকীয়ে যোগাভ্যাসৰ উপকাৰিতা সন্দৰ্ভত বিভিন্ন বিষয়ে উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলক এই সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়।

অধিক পঢ়ক

সকলো চাওক