লোকসভা নিৰ্বাচনত অধিক ভোটদান নিশ্চিত কৰাৰ উদ্দেশ্যে অসমৰ ৪০ লাখ মহিলাই শপত ল’ব

অসমত লোকসভা নিৰ্বাচনত অধিক ভোটদান নিশ্চিত কৰাৰ উদ্দেশ্যে আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৪০ লাখ মহিলাই শপত ল’ব। আকাশবাণীৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি জ্যেষ্ঠ নির্বাচনী বিষয়াসকলে এই কথা প্রকাশ কৰে। তেওঁলোকে কয় যে, মহিলাসকলে নৈতিক ভোটদানৰ প্ৰসাৰত সহায় কৰিব। আমাৰ সংবাদদাতাই জনাইছে যে, ৰাজ্যখনত বৰ্তমানলৈকে ১২৭ কোটি টকাৰ সুৰা আৰু অন্যান্য সামগ্রী জব্দ কৰা হৈছে। বিষয়াসকলে প্ৰকাশ কৰা মতে, অনাধিকৃত সামগ্ৰীৰ সৰবৰাহ বন্ধ কৰা বাবে ৰাজ্যখনত ফ্লায়িং স্কোৱাদ আৰু নিৰীক্ষণ দল নিয়োগ কৰা হৈছে। তেওঁলোকে লগতে কয় যে, ভোটগ্ৰহণৰ দিনা ভোটদাতাসকলক খোৱাপানীসহ সকলো ধৰণৰ বুনিয়াদী সা-সুবিধা প্ৰদান কৰা হ’ব আৰু অকল দিব্যাংগ বিষয়াই একাংশ ভোটগ্রহণ কেন্দ্ৰৰ পৰিচালনা কৰিব।

অধিক পঢ়ক

সকলো চাওক