ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যত প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত

বংগোপসাগৰৰ উত্তৰ দিশৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱেশ কৰা ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যখনৰ ঠায়ে ঠায়ে হোৱা প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে। ৰাজ্যত আজি ধাৰাসাৰ ধুমুহা-বৰষুণ আৰু ভূমিস্খলনৰ ফলত চাৰিজন লোকে প্ৰাণ হেৰুওৱাৰ উপৰি ১২ গৰাকী শিক্ষার্থীসহ ১৭ জন লোক আহত হৈছে। মৰিগাঁও জিলাৰ ধূপগুৰিত এজন ছাত্ৰৰ গাত গছ বাগৰি পৰাৰ ফলত ছাত্ৰজন মৃত্যুমুখত পৰে। আনহাতে, কামৰূপ জিলাত এজন আৰু কামৰূপ মহানগৰত আন এজন লোকৰ ধুমুহাৰ ফলত মৃত্যু হয়। ইফালে, গেৰুকামুখত এন এইচ পি চি প্ৰকল্পৰ কৰ্মী এগৰাকীৰ ভূমি স্খলনৰ ফলত মৃত্যু হৈছে। ৰেমল নামৰ ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যৰ বিভিন্ন ঠাইত ধাৰাসাৰ বৰষুণ হৈ আছে আৰু কেইবাখনো জিলাত সতর্কতা জাৰি কৰা হৈছে। চৰকাৰী সংস্থাসমূহে বঙাইগাঁও, দৰং, ধুবুৰী, হোজাই, কামৰূপ, কোকৰাঝাৰ, মৰিগাঁও, নগাঁও, শোণিতপুৰ, দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ লগতে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড অর্থাৎ এ পি ডি চি এলৰ সা-সম্পত্তিসমূহৰ ধুমুহাৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰি আছে। কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি ৰাজহ চক্ৰৰ ঠাই বিশেষে আকস্মিক বানৰ সৃষ্টি হোৱা দেখা গৈছে। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ পানী ভালেমান ঠাইত বৃদ্ধি পাইছে। চিৰাং, গোৱালপাৰা, বাক্সা, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ জিলাত ৰেড এলার্ট জাৰি কৰাৰ বিপৰীতে ধুবুৰী, দক্ষিণ শালমাৰা, বঙাইগাঁও, বজালী, তামুলপুৰ, বৰপেটা, নলবাৰী, মৰিগাঁও, নগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাত অ’ৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে।
গুৱাহাটীকে ধৰি ৰাজ্যৰ ভালেমান জিলাত নেৰানেপেৰা বৰষুণ আৰু ধুমুহাৰ ফলত কালি সন্ধিয়াৰে পৰা বিদ্যুৎ যোগান ব্যাহত হৈ আছে। কেইবাখনো জিলাৰ প্ৰশাসনে সতর্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে আজি বিদ্যালয় বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেই কেইবাখনো ৰে’লগাড়ীৰ যাত্ৰা বাতিল কৰিছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সকলো জিলা দুর্যোগ ব্যৱস্থা প্ৰাধিকৰণক পৰিস্থিতিৰ পৰ্যালোচনা চলাবলৈ আৰু প্ৰয়োজন সাপেক্ষে বিশেষকৈ ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমাৰা, মানকাচৰ, বঙাইগাঁও আৰু বৰপেটা জিলাত ব্ৰহ্মপুত্ৰত নাও চলাচল নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ দিছে। বৰাক উপত্যকাৰ বৰাক আৰু কুশিয়াৰা নৈতো নাও চলাচল নিয়ন্ত্ৰণ কৰিবলৈ কোৱা হৈছে। ৰাজ্য চৰকাৰে ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ প্ৰতি লক্ষ্য ৰাখি নাগৰিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দলক সাজু কৰি ৰখা হৈছে আৰু নিয়ন্ত্ৰণ কক্ষসমূহ সক্ৰিয় কৰি তোলা হৈছে।

অধিক পঢ়ক

সকলো চাওক