ৰাজ্য চৰকাৰে সত্যনিষ্ঠাৰ সংস্কৃতিৰ দ্বাৰা দেশৰ সমৃদ্ধি শ্লোগানেৰে ২৮ অক্টোবৰৰ পৰা তদাৰকী সজাগতা সপ্তাহ ২০২৪ উদযাপন কৰিছে। প্ৰশাসন ব্যৱস্থা নিকা কৰা তথা দুর্নীতি পৰায়ন বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লক্ষ্যৰে এই সপ্তাহ পালন কৰি থকা হৈছে। এই পৰিপ্ৰেক্ষিতত এখন বিজ্ঞপ্তিৰ জৰিয়তে চৰকাৰী বিষয়া বা কৰ্মচাৰীয়ে উৎকোচ বিচাৰিলে ফোন বা সামাজিক মাধ্যমযোগে যোগাযোগ কৰিবলৈ দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে আহ্বান জনাইছে। অভিযোগৰ বাবে ১৮০০৩৪৫৩৭৬৭ টোল ফ্রী নম্বৰত বা ০৩৬১-২৪৬২২৯৫ নম্বৰত ফোন কৰি নিয়ন্ত্রণ কক্ষৰ সৈতে যোগাযোগ কৰিব পৰা যাব। ইয়াৰ উপৰি অভিযোগকাৰীয়ে হোৱাটছএপৰ লগতে আৰক্ষী অধীক্ষকৰ ফোন নম্বৰ আৰু ইমেইল বা এক্সৰ মাধ্যমেৰেও যোগাযোগ কৰিব পাৰিব।
Site Admin | October 30, 2024 12:12 PM | assam vigilance week