অসমৰ কেইবাখনো অভিলাসী জিলাত সম্পূর্ণতা অভিযান আৰম্ভ

দেশৰ বৃহৎ সংখ্যক নাগৰিকৰ অংশগ্রহণেৰে নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযান পৰহি আৰম্ভ হৈছে। অসমত কেইবাখনো অভিলাসী জিলাত সম্পূর্ণতা অভিযান আৰম্ভ হৈছে। বাক্সা, ধুবুৰী, দৰং, বৰপেটা, গোৱালপাৰা, ওদালগুৰি, ডিমা হাচাও আৰু হাইলাকান্দিৰ কেইবাটাও উন্নয়ন খণ্ডক এই অভিযানে সামৰি লৈছে। অহা ৩০ ছেপ্তেম্বৰলৈকে ৩ মাহজুৰি চলিবলগীয়া এই অভিযানৰ লক্ষ্য হৈছে সকলো অভিলাষী জিলা আৰু খণ্ডত ১২টা মূল সামাজিক খণ্ডৰ সূচকৰ ক্ষেত্ৰত ১০০ শতাংশ পৰিপূৰ্ণতা লাভ কৰা। গোৱালপাৰা জিলাৰ লক্ষীপুৰত আজি সম্পূর্ণতা অভিযান কাৰ্যসূচী আৰম্ভ কৰা হৈছে। গোপীনাথ বৰদলৈ সভাঘৰত এই উপলক্ষে বিশেষ অনুষ্ঠিত হয়। বাক্সা জিলাৰ মুছলপুৰতো আজি এই অভিযান আৰম্ভ কৰা হৈছে। এই উপলক্ষে এটা সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয। বি টি চিৰ অধ্যক্ষ কাতিৰাম বড়োৱে এই শোভাযাত্রা মুকলি কৰে। এই কাৰ্যসূচীত জিলা আয়ুক্ত কৃষ্ণা বৰুৱা উপস্থিত থাকে। এই অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ড সমূহত মূলত প্রথম তিনি মাহতে পঞ্জীয়নভুক্ত প্রসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ হাৰ, চৰকাৰে ২০১৫ তে কৃষকৰ বাবে আৰম্ভ কৰা ছয়েল হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ, বিদ্যুত যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। তিনি মাহজোৰা সম্পূর্ণতা অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্রাম সভা, নাটক, পৌষ্টিক আহাৰ মেলা, স্বাস্থ্য শিবিৰ, প্ৰদৰ্শনী, সজাগতা সভা আৰু সমদল আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিব।

অধিক পঢ়ক

সকলো চাওক