নাগৰিককেন্দ্ৰিক সেৱা বিতৰণ প্ৰক্ৰিয়া অধিক সুষম আৰু সহজসাধ্য কৰি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে মুকলি কৰা সেৱা সেতু প’ৰ্টেলে জনতাৰ ব্যাপক সঁহাৰি লাভ কৰিছে। মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰা অনুসৰি প’ৰ্টেলটোত বৰ্তমানলৈ ৰাজ্য চৰকাৰৰ প্ৰায়বোৰ বিভাগ, সংস্থা আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত পৰিষদসমূহৰ ৬৩৬টা সেৱা নাগৰিকৰ বাবে উপলব্ধ কৰা হৈছে। এই প’ৰ্টেলত ৯০ শতাংশতকৈ অধিক নিষ্পত্তি হাৰৰ সফলতাৰে বৰ্তমানলৈ ১ কোটি ৪৬ লাখ আবেদন লাভ কৰা হৈছে। প’ৰ্টেলত উপলব্ধ সেৱাৰ সংখ্যা চলিত বৰ্ষত ৮০০ লৈ বৃদ্ধিৰ লক্ষ্যত উপনীত হোৱাৰ উপৰি অনাগত দিনত এই সংখ্যা এহেজাৰৰো অধিক কৰিবলৈ ৰাজ্য চৰকাৰে প্ৰচেষ্টা গ্ৰহণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। উল্লেখযোগ্য যে এই সেৱা সেতু প’ৰ্টেলৰ জৰিয়তে ঘৰতে বহি বিভিন্ন চৰকাৰী সেৱাসমূহ লাভ কৰিব পাৰে।
Site Admin | October 7, 2024 9:08 PM | assam sewa setu portel