ৰাজ্যৰ বিদ্যালয়ৰ তৃতীয় আৰু ষষ্ঠ শ্ৰেণীৰ পাঠ্যক্ৰমত চৰিত্ৰ পাঠ শীৰ্ষক কিতাপখন পুনৰ প্ৰৱৰ্তন হ’ব। মূল্যবোধৰ শিক্ষাত গুৰুত্ব আৰোপ কৰি ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ২০২৪-২৫ শিক্ষাবৰ্ষৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী হ’ব বুলি জানিবলৈ দিছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে প্রকাশ কৰে যে এখন মানৱীয়, সুন্দৰ আৰু নিকা সমাজ গঢ়াৰ ক্ষেত্ৰত আদিপাঠ হিচাপে এই গ্ৰন্থখনে যথেষ্ট ইতিবাচক ভূমিকা গ্ৰহণ কৰিব। আনহাতে, শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে মূল্যবোধৰ শিক্ষাক ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০-ত অন্যতম ক্ষেত্ৰ হিচাপে গুৰুত্ব আৰোপ কৰা হৈছে। সেয়েহে মূল্যবোধৰ শিক্ষাক স্কুল পৰ্যায়ত ৰাষ্ট্ৰীয় পাঠ্যক্ৰম পৰিকাঠামোত অন্তৰ্ভুক্ত কৰা হ’ব। উল্লেখযোগ্য যে কোকৰাঝাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰমণীকান্ত শৰ্মাই প্ৰণয়ন কৰা চৰিত্ৰ পাঠ পুথিখন অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডে প্রকাশ কৰি উলিয়াইছিল।
Site Admin | September 25, 2024 12:44 PM | assam school saritra path