ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ বিদ্যালয়সমূহত নতুনকৈ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিয়োগ নকৰাৰ সিদ্ধান্ত চৰকাৰৰ

ৰাজ্য চৰকাৰে শেহতীয়াভাৱে অনুষ্ঠিত কৰা প্ৰত্যক্ষ নিযুক্তি প্ৰক্ৰিয়াৰ পাছত বিদ্যালয়সমূহত নতুনকৈ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিয়োগ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পৰিৱৰ্তে এই শ্ৰেণীৰ পদৰ বাবে ব্যক্তিগত নিযুক্তি সংস্থাৰ জৰিয়তে এম টি এছ অর্থাৎ মাল্টি টাস্কিং ষ্টাফ নিয়োগ কৰা হ’ব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি গুৱাহাটীত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে এই ধৰণৰ মাল্টি টাস্কিং ষ্টাফ নিযুক্তিৰ ক্ষেত্ৰত শিক্ষা বিভাগে নিজাকৈ কোনো ভূমিকা পালন নকৰে। এই নিয়োগৰ ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষৰ ওপৰতে সম্পূৰ্ণ কৰ্তৃত্ব থাকিব। শিক্ষামন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত লগতে কয়, যে চতুৰ্থবৰ্গৰ পদৰ বাবে পূর্বে দিয়া নিযুক্তিত কোনো এখন জিলাৰ বিদ্যালয়ত অন্য জিলাৰ নিবনুৱাই নিযুক্তি লাভ কৰিলে সংশ্লিষ্ট অঞ্চলৰ লোকে আপত্তি দর্শাইছিল। কিন্তু মাল্টি টাস্কিং ষ্টাফ নিযুক্তিৰ ক্ষেত্ৰত বিদ্যালয় কর্তৃপক্ষই স্থানীয় নিবনুৱাকে নিযুক্তি দিব পাৰিব। আনহাতে, ৰাজ্য চৰকাৰৰ অধীনত যিসকল চতুৰ্থবৰ্গৰ কৰ্মচাৰী বৰ্তমানে নিয়োজিত হৈ আছে তেওঁলোকৰ কাম পূৰ্বৰ দৰেই অব্যাহত থাকিব বুলি তেওঁ উল্লেখ কৰে। ইফালে, শিক্ষা বিভাগত ভৱিষ্যতে আৰু ঠিকাভিত্তিক শিক্ষক নিযুক্তিও নহ’ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এতিয়াৰে পৰা কেৱল নিয়মীয়া টেট শিক্ষকৰ পদতহে নিযুক্তি প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ অহা মে’ মাহৰ ভিতৰত পুনৰ ৯ হাজাৰ পদৰ বাবে নিযুক্তি প্রক্রিয়া অনুষ্ঠিত হ’ব বুলি প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক