ডাউনলোড
মোবাইল এপ

android apple
signal

January 30, 2025 6:41 PM | Assam sahitya sabaha

printer

কাইলৈৰ পৰা অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশন আৰম্ভ

বজালী জিলাৰ পাঠশালাত কাইলৈৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে হবলগীয়া অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই অধিবেশনৰ কেন্দ্ৰ কৰি সমগ্ৰ জিলাখনতে উৎসাহ উদ্দীপনাৰ পৰিবেশে বিৰাজ কৰিছে। অধিবেশনৰ আদৰণি সমিতিয়ে সাহিত্য সভাৰ এই অধিবেশনৰ অংশ হিচাপে বজালী শীর্ষক এটি গীত মুকলি কৰা হৈছে। ড° বিনীতা বৰা দেৱচৌধুৰীৰ কথা আৰু অৰূপ জ্যোতি বৰুৱাৰ সুৰ আৰু সংগীত পৰিচালনাৰে এই গীতটিয়ে বজালীৰ সংস্কৃতি, ইতিহাস আৰু ঐতিহ্যক বহুমাত্ৰিক ৰূপত তুলি ধৰিছে।
       কাইলৈ পুৱা চাৰে ৮ বজাত নামঘৰৰ দ্বাৰ উদ্ঘাটনেৰে সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হ’ব। বামাখাটা সত্ৰৰ সত্ৰাধিকাৰ প্ৰবোধ দেৱ অধিকাৰীয়ে নামঘৰৰ দ্বাৰ মুকলি কৰিব আৰু নাজিৰাৰ সমাজকর্মী যতীন লাহনে বন্তি প্রজ্বলন কৰিব। পুৱা ৯ বজাত পাঠশালা অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ভট্টদেৱ ক্ষেত্ৰ মুকলি কৰিব।
সাহিত্য সভাৰ অধিৱেশনৰ বাবে নাট্য নগৰী পাঠশালাৰ জনসাধাৰণৰ মাজত উলহ-মালহৰ পৰিবেশৰ সৃষ্টি হৈছে। সাহিত্য অনুৰাগী তথা অন্যান্য অতিথিসকলক আদৰাৰ বাবে পাঠশালাবাসী সাজু হৈছে। এই অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰাত বৰ অসমৰ আৰ্হিৰ প্ৰতিফলন ঘটোৱাৰ প্ৰয়াস কৰা হব। দুখন বাহনত প্রতীকী ৰূপত বজালীৰ ঐতিহাসিক ডুবি দেৱালয়, ভোগেশ্বৰী মন্দিৰ আৰু এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ জালিখাটাৰ বটগছৰ লগতে অসমৰ ভিন্ন কলা-সংস্কৃতি আটকধুনীয়া ৰূপত তুলি ধৰা হব। এই ব্যতিক্রমী সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে শিল্পীসকল অহৰহ ব্যস্ত হৈ আছে। সাহিত্য সভাৰ অধিৱেশন এইবেলি প্ৰথমবাৰলৈ বাটৰ কবিতাৰ আয়োজন কৰা হৈছে। একেদৰে এইবাৰৰ অধিৱেশনত বাণিজ্য মেলাৰ পৰিৱৰ্তে বিজ্ঞান মেলাৰ দিহা কৰা হৈছে। বজালীৰ উৎপাদিত সামগ্রী, খাদ্য সম্ভাবেৰে বজালী হাটৰো ব্যৱস্থা কৰা হৈছে। অধিৱেশনথলীত ৭৭ বর্গ ফুটৰ বৃহৎ জাপি সাজি উলিওৱা হৈছে। এই জাপিটো চোৱাৰ বাবে ইতিমধ্যে অধিবেশনথলীলৈ অগণন লোকৰ সমাগম হৈছে। এই অধিবেশনত সাহিত্য ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ ১০০তকৈও অধিক প্রতিনিধিয়ে অংশগ্রহণ কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সাহিত্য সভালৈ গৈ গ্ৰন্থ ক্ৰয় কৰাৰ বাবে মন্ত্রী, বিধায়ক আৰু চৰকাৰী বিষয়াসকলক ইতিপূর্বে আহ্বান জনাইছে।

অধিক পঢ়ক

সকলো চাওক