ডাউনলোড
মোবাইল এপ

android apple
signal

January 27, 2025 7:06 PM | Assam sahitya sabaha

printer

অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনলৈ প্রতিনিধিসকলক আদৰিবলৈ সাজু আদৰণি সমিতি

অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনলৈ ৩ দিন বাকী থকা সময়ত অধিৱেশনৰ আদৰণি সমিতিয়ে প্রতিনিধিসকলক আদৰিবলৈ সাজু হৈছে। পাঠশালা শিক্ষাপীঠ আদর্শ বুনিয়াদী উচ্চ মাধ্যমিক বিদ্যালয়ত ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ হ’বলগীয়া দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশনৰ অসম সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ অষ্টম তথা অন্তিমখন কাৰ্যনিৰ্বাহক সভা ৩১ জানুৱাৰীত অনুষ্ঠিত হ’ব। আনহাতে, ১ ফেব্ৰুৱাৰীৰ সন্ধিয়া হ’বলগীয়া প্ৰতিনিধি সভাখনলৈ প্ৰতিগৰাকী কাৰ্যনিৰ্বাহক সদস্য তথা প্রতিনিধিকে কিউ আৰ ক’ড ব্যৱস্থাৰে বৈঠকৰ স্থান উলিয়াই লোৱাৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য এইবাৰ অসম সাহিত্য সভাৰ প্রায় ৩০০ কাৰ্যনিৰ্বাহক সদস্য আৰু পাঠশালা অধিৱেশনলৈ প্ৰায় ৪ হাজাৰ প্ৰতিনিধিয়ে অংশগ্রহণ কৰিব বুলি আশা কৰা হৈছে। প্ৰতিনিধিসকলৰ থকা-খোৱাৰ ব্যৱস্থাৰ উপৰিও ঘৰলৈ উভতি যোৱাৰ সময়ত কম্বল, গাৰু আৰু বিছনা চাদযুক্ত এটা বেগ লৈ যাব পাৰিব বুলি আদৰণি সমিতিয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক