অসম সাহিত্য সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়াই গতি লাভ কৰিছে। ২০২৫-২৭ বৰ্ষৰ উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ বাবে কালিৰে পৰা মনোনয়ন পত্ৰ জমা দিয়া প্ৰক্ৰিয়া আৰম্ভ হৈছে। সাহিত্য সভাৰ সূত্ৰই জনোৱা অনুসৰি প্ৰথম দিনা দুগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ গুৱাহাটীৰ কাৰ্যালয়ত জমা দিছে। উপ-সভাপতি পদৰ বাবে এজন প্ৰাৰ্থী আৰু প্ৰধান সম্পাদক পদৰ বাবে এজন প্রার্থীয়ে মনোনয়ন পত্র জমা দিছে। সাহিত্য সভাৰ সূত্ৰই জনোৱা অনুসৰি যোৰহাট কাৰ্যালয়ৰ পৰা ইতিপূৰ্বে উপ-সভাপতি পদৰ বাবে মুঠ ৬গৰাকী আৰু প্ৰধান সম্পাদকৰ বাবে চাৰিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে। ১০ আৰু ১১ নৱেম্বৰত দিনত ১১ বজাৰ পৰা বিয়লি ৫ বজাৰ ভিতৰত প্ৰাৰ্থীয়ে মনোনয়ন প্ৰপত্ৰ পৰীক্ষা আৰু ওজৰ-আপত্তিৰ লগতে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। ১১ নৱেম্বৰত নিৰ্বাচনী সমিতিয়ে প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্রকাশ কৰিব ।
Site Admin | November 8, 2024 11:57 AM | Assam Sahitya Sabha