ৰাজ্য চৰকাৰে আজি জনস্বাস্থ্য কাৰিকৰী তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগত ২৮২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্ৰদান কৰে। ইয়াৰ ভিতৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী অভিযন্তা পদত ৮১ গৰাকী, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কাৰিকৰী বিষয়া পদত ১০০ গৰাকী আৰু বিত্তীয় ব্যৱস্থাপনা পদত ১০১ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নৱনিযুক্ত প্রার্থীসকলক অভিনন্দন জ্ঞাপন কৰি নিষ্ঠা, সততা আৰু উৎসৰ্গিত মনোভাৱেৰে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে কয় যে, অসমে এবাৰ প্ৰতিশ্ৰুতি পূৰণতে সীমাবদ্ধ থকাত বিশ্বাস নকৰে বৰং এই প্ৰক্ৰিয়া অব্যাহত ৰখাৰ প্ৰয়াস কৰে। আজি মুখ্যমন্ত্ৰীয়ে এই নিযুক্তি পত্ৰসমূহ বিতৰণ কৰাৰ লগে লগে ৰাজ্য চৰকাৰে এক লাখ নিযুক্তিৰ বাবে দিয়া প্ৰতিশ্ৰুতি অতিৰিক্তভাৱে ২৪ হাজাৰৰো অধিক নিযুক্তি সম্পন্ন হ’ল। এতিয়ালৈকে ৰাজ্য চৰকাৰে এক লাখ ২৪ হাজাৰ ৬২৭টা পদত নিযুক্তি প্ৰদান কৰিছে। চৰকাৰে কেৱল লক্ষাধিক নিযুক্তি প্ৰদান কৰাই নহয় সমগ্ৰ প্ৰক্ৰিয়াত স্বচ্ছতা বজাই ৰাখি মেধাৰ ভিত্তিতহে নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰিছে বুলি প্ৰকাশ কৰে।
Site Admin | September 26, 2024 7:53 PM | assam requitment cm