ডাউনলোড
মোবাইল এপ

android apple
signal

November 15, 2024 11:49 AM | assam rash mahotsav

printer

আজি ৰাস পূর্ণিমা; ৰাজ্যৰ বিভিন্ন স্থানত ৰাস মহোৎসৱ আৰম্ভ

আজি ৰাস পূর্ণিমা। শৰৎকালৰ এই মনোৰম পূর্ণিমাত পালন কৰা ৰাস মহোৎসৱক কেন্দ্ৰ কৰি ৰাজ্যৰ প্ৰান্তে প্রান্তে উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে।

মাজুলীৰ সত্ৰসমূহত কালিৰে পৰা ৰাস মহোৎসৱৰ কাৰ্যসূচী আৰম্ভ হৈছে। কালি জিলাখনৰ নতুন বজাৰ, জেংৰাইমুখ, মুদৈবিল, ভকতীদুৱাৰ আদি অঞ্চলত শ্ৰীশ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা অনুষ্ঠিত হয়। দক্ষিণপাট, আউনিআটী, গড়মূৰ, উত্তৰ কমলাবাৰী, বেঙেনাআটী, চামগুৰি, এলেংগি নৰসিংহ আদি সত্ৰসমূহকে ধৰি স্থায়ী আৰু অস্থায়ী সকলো ৰংগমঞ্চতে আজি ৰাস মহোৎসৱ অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে এইবাৰ মাজুলীত ৬৫খন ৰাস মহোৎসৱ অনুষ্ঠিত হৈছে।

গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্ততো আজিৰে পৰা ৰাস মহোৎসৱ অনুষ্ঠিত হৈছে। চহৰখনৰ ছন্দীয়াৰ সাৰ্বজনীন ৰাসমেলা খেলপথাৰত আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে ৰাস উৎসৱৰ আয়োজন কৰা হৈছে। আনহাতে, দুধনৈ ৰাজহুৱা খেলপথাৰত ১৫ দিনীয়া আৰু মাকৰীত ছদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ৰাস মহোৎসৱ অনুষ্ঠিত কৰা হৈছে। জিলাখনৰ ছিমলীতোলা, মাটিয়া, বালিজানা, দুবাপাৰা আদি অঞ্চলতো দুদিনীয়া কাৰ্যসূচীৰে ৰাসৰ আয়োজন কৰা হৈছে।

বৰপেটা জিলাৰ হাউলী, বৰপেটাৰোড আদিত আজিৰে পৰা উদযাপন কৰা হৈছে। হাউলী ৰাস মহোৎসৱ এইবাৰ ৯৭ সংখ্যক বৰ্ষ আৰু বৰপেটাৰোড ৰাস মহোৎসৱ ৯৬ সংখ্যক বৰ্ষৰ বাবে উদযাপন কৰা হৈছে। আনহাতে, জিলাখনৰ নগাঁও ৰাস মহোৎসৱ এইবাৰ ৮৯ সংখ্যক বৰ্ষৰ বাবে আয়োজন কৰা হৈছে।

বাক্সা জিলাৰ পূব খাগ্ৰাবাৰীত আজিৰ পৰা দহদিনীয়াকৈ ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে।

ইফালে, নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰৰ উদ্যোগত আজিৰে পৰা ১৩ দিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱ অনুষ্ঠিত হৈছে।

নগাঁও জিলাতো আজিৰে পৰা বিভিন্ন কাৰ্যসূচীৰে শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ অনুষ্ঠিত হ’ব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূর্ব সৃষ্টি কেলিগোপাল নাটৰ আধাৰত নগাঁও জিলাত ৰাস মহোৎসৱ অনুষ্ঠিত কৰা হয়। জিলাখনৰ বিভিন্ন স্থানত ৪ৰ পৰা ৫দিনীয়াকৈ ৰাস মহোৎসৱ পালন কৰা হ’ব। চহৰখনৰ খুটিকটীয়া প্ৰগতি সমাজে ছদিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ আয়োজন কৰিছে। ভাগৱত শোভাযাত্ৰাৰে শুভাৰম্ভ কৰিবলগীয়া এই ৰাস মহোৎসৱে এইবাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে। মহোৎসৱৰ দিনকেইটাত শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ লগতে অংকীয়া ভাওনাও প্ৰদৰ্শন কৰা হ’ব ।

ইফালে, ঐতিহ্যমণ্ডিত পুৰণিগুদাম আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত আজিৰে পৰা চাৰিদিনীয়াকৈ মহাৰজত জয়ন্তী বৰ্ষ ৰাস উৎসৱ উদযাপন কৰা হৈছে। ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি ধর্ম ধ্বজা উত্তোলন, নাম প্ৰসংগ আৰু ৰাস ভাওনা প্ৰদৰ্শন কৰাৰ লগতে সাংস্কৃতিক শোভাযাত্রাও উলিওৱা হ’ব। চহৰখনৰ পানীগাঁও জ্যোতিনগৰ নামঘৰত কাইলৈ দিনজোৰা কাৰ্যসূচীৰে ৰাস মহোৎসৱ অনুষ্ঠিত হ’ব।

আনহাতে, উত্তৰ কলিয়াবৰ হেজাৰ সমিতিৰ উদ্যোগত কাইলৈ পূবথৰিয়াত ল’ৰাৰ ৰাস প্ৰদৰ্শন কৰা হ’ব। জিলাখনৰ চকলাঘাট, হাতীচোং, ৰহা, চাপৰমুখ, ফুলগুৰি, বেবেজীয়া, পুৰণিগুদাম, কঠীয়াতলী, ননৈ, চামগুৰি, ৰূপহী আদি স্থানত প্ৰায় দুই শতাধিক ৰাস মহোৎসৱ অনুষ্ঠিত হ’ব।

দৰং জিলাৰ সদৰ মঙলদৈৰ সনাতন ধর্মসভাৰ প্রাঙ্গনতো আজিৰে পৰা ১০ দিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ অনুষ্ঠিত হ’ব। আজিৰ উদ্বোধনী অনুষ্ঠানত ৰাজহ মন্ত্ৰী যোগেন মহন আৰু সাংসদ দিলীপ শ‍ইকীয়া উপস্থিত থাকিব। উল্লেখযোগ্য যে এইবাৰ মৃণ্ময় মূৰ্তিৰ লগতে প্ৰথম বাৰৰ বাবে স্থানীয় শিল্পীৰ দ্বাৰা জীৱন্ত ৰাস প্ৰদৰ্শন কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।

ধুবুৰী জিলাৰ বিলাসীপাৰাতো আজিৰে পৰা ১৬দিনীয়া কাৰ্যসূচীৰ ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক