ডাউনলোড
মোবাইল এপ

android apple
signal

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সদস্যসকলৰ ৰাজভৱন চলো প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ কৰ্মীৰ মৃত্যু

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ আহ্বানত দলটোৰ সদস্যসকলে দেশজুৰি পালন কৰা ৰাজভৱন চলো কাৰ্যসূচীৰ অংশ হিচাপে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সদস্যসকলেও আজি গুৱাহাটীত ৰাজভৱন চলো প্ৰতিবাদ সাব্যস্ত কৰে। আমাৰ গুৱাহাটীৰ সংবাদদাতাই জনোৱা মতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু দলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰা এই কাৰ্যসূচীক বাধা দিবলৈ আৰক্ষীয়ে ৰাজভৱনৰ প্ৰৱেশদ্বাৰৰ সন্মুখত বেষ্টনী গঢ়ি তোলে। এই বেষ্টনী পাৰ হৈ যাবলৈ চেষ্টা কৰা প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে বাধা দিয়ে। আৰক্ষীয়ে প্ৰতিবাদকাৰীক ছত্রভংগ দিয়াবলৈ চলোৱা চেষ্টাৰ সময়ত মৃদুল ইছলাম নামৰ এজন কংগ্ৰেছ কৰ্মী আহত হয় আৰু পাছত তেওঁৰ হাস্পতালত মৃত্যু হয়। এই ঘটনা সন্দৰ্ভত প্রদেশ কংগ্ৰেছ কমিটীয়ে আজি আবেলি লতাশিল আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। এজাহাৰখনত আৰক্ষীৰ কন্দুৱা গেছ প্ৰয়োগৰ ফলতেই মৃদুল ইছলামৰ মৃত্যু হয় বুলি কংগ্ৰেছ দলে অভিযোগ কৰিছে। গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই এই ঘটনা সন্দৰ্ভত কয়, যে আজি কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ তিনিটাকৈ আবেষ্টনী ভেদ কৰি ৰাজভৱনত প্ৰৱেশৰ চেষ্টা কৰে। ব্ৰহ্মপুত্ৰ অতিথিশালাৰ ৰ’টাৰিত অৱস্থানৰত দ্বিতীয় আবেষ্টনী পাৰ হবলৈ চেষ্টা কৰাৰ সময়ত আৰক্ষীয়ে পকী ৰাস্তাত প্ৰতিবাদকাৰীসকলৰ মাজলৈ কন্দুৱা গেছৰ গোলা চলাই দিবলৈ বাধ্য হয়। আৰক্ষীয়ে কন্দুৱা গেছৰ বন্দুকেৰে গোলা নিক্ষেপ কৰা নাছিল বুলি শ্ৰীবৰাই জানিবলৈ দিয়ে। হাস্পতালত মৃত্যু হোৱা লোকজন ঘটনাস্থলীৰ পৰা গৈ বাহনত পানী খোৱা অৱস্থাত সংজ্ঞাহীন হৈ পৰিছিল বুলিও আৰক্ষী আয়ুক্তগৰাকীয়ে স্পষ্ট কৰি দিয়ে ।

অধিক পঢ়ক

সকলো চাওক