ডাউনলোড
মোবাইল এপ

android apple
signal

অসম প্রদেশ কংগ্ৰেছ কমিটীৰ বৈঠকত বিভিন্ন দলীয় কার্যকলাপ সম্বন্ধীয় শুনানী গ্রহণ

অসম প্রদেশ কংগ্ৰেছ কমিটীৰ অনুশাসন কমিটীৰ কেইবালানি বৈঠকত কমিটীৰ অধীনস্থ বিভিন্ন জিলা, ব্লক সমিতিসমূহ আৰু তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ পৰা নিকট লোকসভা নিৰ্বাচনৰ সময়ত সংঘটিত বিভিন্ন দলীয় কার্যকলাপ সম্বন্ধীয় শুনানী গ্রহণ কৰা হয়। শুনানীকালত অনুশাসন কমিটীয়ে গোৱালপাৰা, কামৰূপ, হাইলাকান্দি, লখিমপুৰ, মাজুলী, তিনিচুকীয়া, বৰপেটা, কোকৰাঝাৰ, ধেমাজি, দক্ষিণ শালমাৰা মানকাচৰ, হোজাই, নগাঁও, দৰং, ওদালগুৰি, ধুবুৰী আৰু বাক্সা জিলাৰ ব্লক আৰু মণ্ডল কমিটীৰ লগতে বিভিন্ন পদবীধাৰী ব্যক্তিৰ পৰা ৫৬টাতকৈও অধিক দল বিৰোধী কাৰ্যকলাপ সম্পৰ্কে অভিযোগ গ্ৰহণ কৰে। এই সন্দৰ্ভত কমিটীয়ে অসম প্রদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগত কেইবালানি আলোচনাত অংশগ্রহণ কৰে। তদন্তৰ অন্তত ৫ জন দলীয় কৰ্মীৰ বিৰুদ্ধে দলীয় অনুশাসন ভংগৰ অভিযোগেৰে ৭ দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হয়। এই অনুযায়ী বিধায়ক আব্দুৰ ৰছিদ মণ্ডল, ৰেকিবুদ্দিন আহমেদ, ভৰত চন্দ্ৰ নৰহ, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সমিতিৰ সভানেত্রী মীৰা বৰঠাকুৰ আৰু হাইলাকান্দিৰ জিলা কংগ্ৰেছ সমিতিৰ সভাপতি ছামছুদ্দিন লস্কৰক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হয় । ইয়াৰ উপৰি অনুশাসন কমিটীয়ে প্রাক্তন মন্ত্রী নীলমণি সেন ডেকাই অনুশাসন ভংগ নকৰাৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ ভিত্তিত পুনৰ দলভুক্তকৰণৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিটীলৈ অনুমোদন বিচাৰি প্ৰতিবেদন প্ৰেৰণ কৰে ।

অধিক পঢ়ক

সকলো চাওক