অসম আৰক্ষীৰ বিশেষ কৰ্মবাহিনীয়ে যোৱা বছৰৰ মাৰ্চ মাহৰ পৰা চলোৱা ১৫০টা অভিযানত দেখুওৱা অনুকৰণীয় পাৰদৰ্শিতা আৰু সফলতাৰ বাবে আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙে বাহিনীটোক অভিনন্দন জনাইছে। এই সময়ছোৱাত আৰক্ষীৰ দলে ৫০ লাখৰো অধিক টকাৰ জালনোট জব্দ কৰাৰ লগতে বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰে। তদুপৰি ৮ লাখ ২০ হাজাৰ টকাৰো অধিক নগদ ধন, এটা গঁড়ৰ খৰ্গ আৰু ভালেমান অস্ত্ৰ-শস্ত্ৰ আৰক্ষীয়ে জব্দ কৰে। ৪১গৰাকী মহিলাকে ধৰি ২৩৮গৰাকী অভিযুক্তক আৰক্ষীৰ বিশেষ কর্মবাহিনীয়ে এই সময়ছোৱাত গ্ৰেপ্তাৰ কৰে। আৰক্ষী পৰিদৰ্শক কপিল পাঠকৰ নেতৃত্বৰ ৮জনীয়া দলটোক আজি আৰক্ষী সঞ্চালকপ্রধানগৰাকীয়ে এই উল্লেখনীয় সেৱাৰ বাবে অভিনন্দন জনোৱাৰ লগতে ভৱিষ্যতেও নিষ্ঠাৰে কাম কৰি যাবলৈ পৰামৰ্শ দিয়ে।
Site Admin | November 27, 2024 7:21 PM | assam police gp sing