অভয়াপুৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ২৫ টা হেৰ’ইন ভর্তি কণ্টেইনাসহ এটা সৰবৰাহকাৰীক আটক

♦ বঙাইগাঁও জিলাৰ অভয়াপুৰীত কালি আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই ২৫ টা হেৰ’ইন ভর্তি কণ্টেইনাসহ এটা সৰবৰাহকাৰীক আটক কৰে। ধৃত সৰবৰাহকাৰীটো অভয়াপুৰীৰ ডুমুৰীয়া তৃতীয় খণ্ডৰ জাকিৰ আলী বুলি জানিব পৰা গৈছে। আনহাতে, নগাঁৱৰ ৰূপহীহাটত আৰক্ষীয়ে অভিযান চলাই তিনিটা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচসহ মণিৰুদ্দিন নামৰ সৰবৰাহকাৰীক আটক কৰে। ইফালে, লোকসভা নির্বাচনৰ পৰিপ্ৰেক্ষিতত গঠন কৰা নিৰীক্ষণকাৰী দলে কালি কামৰূপ জিলাৰ ছয়গাঁৱৰ কালাতলীত বুজন পৰিমাণৰ মাদক দ্ৰব্যৰ সৈতে দুজন লোকক আটক কৰে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, ধৃত লোক দুজনৰ পৰা ২০টা মাদক দ্রব্যভর্তি টেমা, ম’বাইল ফোন আৰু এখন মটৰ চাইকেল জব্দ কৰা হৈছে। লোক দুজনক ছয়গাঁও থানাত গতাই দিয়া হৈছে। ইপিনে, গোলাঘাট আৰক্ষীয়ে কালি বগৰীজেঙৰ আৰক্ষী ছাউনী খেলপথাৰত বুজন পৰিমাণৰ মাদক দ্রব্য দাহ কৰে। জিলা আৰক্ষী অধীক্ষক, অপৰাধ শাখাৰ উপ আৰক্ষী অধীক্ষকৰ উপৰি আবকাৰী বিষয়াৰ উপস্থিতিত ২ কোটি ৯৩ লাখ টকাৰো অধিক মূল্যৰ প্ৰায় ডেৰ কিলোগ্রাম হেৰ’ইন দাহ কৰা হয়।

Read More News :

৮৫ বছৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু ৪০ শতাংশতকৈ অধিক শাৰিৰীক প্ৰতিবন্ধকতা লোকে ইচ্ছা কৰিলে ঘৰতে ভোটদান কৰিব পাৰিবঃ অনুৰাগ গোৱেল

অধিক পঢ়ক

সকলো চাওক