October 1, 2024 7:55 PM | Assam Police Day

printer

অসম আৰক্ষী দিৱস উপলক্ষে প্ৰতিগৰাকী আৰক্ষীলৈ জি পি সিঙৰ শুভেচ্ছা জ্ঞাপন

আজি ৭৪ সংখ্যক অসম আৰক্ষী দিৱস। অসম আৰক্ষী দিৱস উপলক্ষে প্ৰতিগৰাকী আৰক্ষীলৈ সঞ্চালক প্রধান জি পি সিঙে শুভেচ্ছা জ্ঞাপন কৰে। লগতে আৰক্ষী সঞ্চালক প্রধানগৰাকীয়ে অসম আৰক্ষীয়ে সদায় ৰাইজৰ সৈতে থাকি সহায় কৰি যাব বুলি মন্তব্য কৰে। ১৯৫১ চনৰ এক অক্টোবৰত ভাৰতীয় আৰক্ষী বিষয়া কে আৰ চৌধুৰীয়ে প্ৰথম ভাৰতীয় বিষয়া হিচাপে ব্ৰিটিছ আৰক্ষী বিষয়া জে এইচ বীডৰ পৰা আনুষ্ঠানিকভাৱে অসম আৰক্ষীৰ মুখ্য বিষয়াৰ কাৰ্যভাৰ গ্ৰহণ কৰে। ১৯৫১ চনৰ এক অক্টোবৰত অসম আৰক্ষী প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰা আই পি এছ বিষয়া এছ কে আৰ চৌধুৰীৰ স্মৰণত তেতিয়াৰে পৰা এই দিনটো অসম আৰক্ষী দিৱস হিচাপে পালন কৰা হয় ৷ অসম আৰক্ষী দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ ১১৩ গৰাকী আৰক্ষী বিষয়া-কৰ্মচাৰীলৈ ২০২৪ বৰ্ষৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ প্ৰশংসাসূচক পদক আগবঢ়োৱা হৈছে। ইয়াৰে ১১ গৰাকীক সোণৰ, ১০২ গৰাকীক ৰূপৰ পদক প্ৰদান কৰা হ’ব। অসম আৰক্ষী দিৱস উপলক্ষে ৰাজ্যৰ ভিন্ন প্রান্তৰ লগতে শোণিতপুৰ জিলাতো বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে অসম আৰক্ষীৰ দৃঢ় সেৱাৰ মনোভাব আৰু সাহসিকতাক প্ৰশংসা কৰি কয় যে, জনসাধাৰণৰ প্ৰতিটো প্ৰতিকূল সময়ত অসম আৰক্ষীয়ে সজাগ হৈ জীৱন আৰু শান্তিৰ পৰিৱেশ বৰ্তাই ৰখাৰ বাবে নিৰন্তৰ কাম কৰি যাব। আনহাতে দক্ষিণ শালমাৰা মানকাচাৰ জিলাতো জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অসম আৰক্ষী দিৱস উদযাপন কৰা হয়। জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে পুৱাই অসম আৰক্ষীৰ পতাকা উত্তোলন কৰি জোৱানসকলক শপত বাক্য পাঠ কৰায়। অসম আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা ৰূপৰ পদক লাভ কৰা হাট শিঙিমাৰী জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কৰ্মৰত এল এন কে মুজাহিদুল ইছলামক জিলা আৰক্ষী ফালৰ পৰা আজিৰ অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হয়।

অধিক পঢ়ক

সকলো চাওক