ডাউনলোড
মোবাইল এপ

android apple
signal

January 7, 2025 1:14 PM | Assam Police

printer

অসম আৰক্ষীৰ বিশেষ কর্মবাহিনীৰ এই পৰ্যন্ত ২৫৪ টা অভিযানত সফলতা

অসম আৰক্ষীৰ বিশেষ কর্মবাহিনী, এছ টি এফে যোৱা বছৰৰ ১ মাৰ্চৰ পৰা ৩১ ডিচেম্বৰ পৰ্যন্ত ২৫৪ টা অভিযানত সফলতা লাভ কৰে। আৰক্ষীয়ে বিগত বছৰটোত কূটাঘাটকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত ২১ জন জেহাদীক আটক কৰাৰ লগতে বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰে। গুৱাহাটীৰ উলুবাৰীৰ অসম আৰক্ষী মুখ্য কাৰ্যালয়ত কালি আয়োজিত এখন সংবাদমেলত আৰক্ষীৰ বিশেষ সঞ্চালক প্রধান হৰমিত সিং আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই এই বিষয়ে প্ৰকাশ কৰে। গ্ৰেপ্তাৰ কৰা লোককেইজনৰ ভিতৰত আই এছ আই এছ ইণ্ডিয়াৰ মুৰববীসহ ১৬ জন ইছলামিক উগ্রপন্থী, এজন মাওবাদী, এজন আলফা আৰু তিনিজন মণিপুৰৰ উগ্ৰপন্থী সংগঠনৰ সদস্য বুলি শ্রী সিঙে জানিবলৈ দিয়ে। তদুপৰি ১৮ জন অনুপ্ৰৱেশকাৰীকো এই সময়ছোৱাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। বিগত বছৰটোত এছ টি এফৰ থানাত ৪১ টা গোচৰ ৰুজু হোৱাৰ লগতে ৪৮২ জন লোকক গ্ৰেপ্তাৰ কৰা হয়। শ্ৰী সিঙে সংবাদমেলত কয়, যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ২০২৩ বৰ্ষত নতুন ৰূপত সাজু কৰি তোলা এছ টি এফে জেহাদী, অনুপ্ৰৱেশকাৰী আৰু মাদক দ্রব্য সৰবৰাহকাৰীৰ চক্ৰ উৎখাত কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে। বিগত বছৰটোত আৰক্ষীয়ে চলোৱা অভিযানত ৫৯ কিলোগ্ৰামৰো অধিক হেৰ’ইন আৰু অন্যান্য বৃহৎ পৰিমাণৰ মাদকদ্রব্য জব্দ কৰা হয়। গুৱাহাটী মহানগৰীত যোৱা বছৰটোত মাদক দ্ৰব্যৰ বিৰুদ্ধে চলোৱা অভিযানত ২৬৪ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰা হয় বুলি শ্ৰী সিঙে সংবাদমেলত প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক