ডাউনলোড
মোবাইল এপ

android apple
signal

December 31, 2024 1:22 PM | Assam Police

printer

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদবদলৰ বাবে চৰকাৰে নিৰ্দেশনা জাৰি

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদবদলৰ বাবে চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি অসম আৰক্ষীৰ মহা পৰিদৰ্শক পাৰ্থ সাৰথি মহন্তক গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্ত হিচাপে নতুন দায়িত্ব দিয়া হৈছে। বৰ্তমানৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক অসম আৰক্ষীৰ বিশেষ শাখালৈ বদলি কৰা হৈছে। তেওঁক লগতে ডেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ সঞ্চালকৰ দায়িত্ব অৰ্পন কৰা হৈছে। অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে প্ৰকাশ কৰা নিৰ্দেশনা অনুসৰি অসম আৰক্ষীৰ প্ৰশিক্ষণ আৰু সশস্ত্ৰ আৰক্ষীৰ দায়িত্বত থকা অখিলেশ কুমাৰ সিঙক আইন শৃংখলা শাখাৰ আৰক্ষীৰ মহাপৰিদৰ্শক ৰূপে বদলি কৰা হৈছে। বিষয়াজনে অতিৰিক্তভাৱে অসম আৰক্ষীৰ যোগাযোগ শাখাৰ মহাপৰিদৰ্শক হিচাপেও দায়িত্ব পালন কৰিব। আনহাতে অসম আৰক্ষীৰ বিশেষ শাখাৰ আৰক্ষীৰ মহাপৰিদৰ্শকৰ দায়িত্বত থকা আই পি এছ বিষয়া লাচিত বৰুৱাক অসম আৰক্ষী গৃহ নিৰ্মাণ নিগমৰ পৰিচালন সঞ্চালকৰ দায়িত্ব অর্পণ কৰা হৈছে। আইন-শৃংখলাৰ দায়িত্বত থকা আই পি এছ বিষয়া প্রশান্ত কুমাৰ ভূঞা অসম আৰক্ষীৰ প্ৰশাসন শাখাৰ মহাপৰিদৰ্শক হিচাপে নিযুক্তি দিয়া হৈছে। অসম আৰক্ষীৰ এম পি চি শাখাৰ দায়িত্বত থকা আই পি এছ বিষয়া বিবেক ৰাজ সিঙক অসম আৰক্ষীৰ প্ৰশিক্ষণ আৰু সশস্ত্ৰ আৰক্ষী শাখাৰ লগতে বি টি এ ডিৰ আৰক্ষীৰ মহাপৰিদৰ্শকৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে।

অধিক পঢ়ক

সকলো চাওক