অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যখনত চলোৱা তৃতীয়টো বিশেষ অভিযানত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ৪৩০ লৈ বৃদ্ধি পাইছে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি এই সন্দৰ্ভত বৰ্তমানলৈকে ৩৪৫ টা গোচৰ ৰুজু কৰা হৈছে। অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাই কয়, যে তিনিটা পৰ্যায়তে ধুবুৰী জিলাত সৰ্বাধিক গোচৰ ৰুজু হৈছে। অসম আৰক্ষীৰ বিশেষ সূত্রই এই বিষয়ে প্ৰকাশ কৰি কয়, যে শীঘ্ৰে আৰু কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হ‘ব। অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে এখন সংবাদ মেলত কয়, যে এই অভিযানকালত গ্ৰেপ্তাৰ কৰাসকল নাবালিকাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা পুৰুষ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্য। এই লোকসকলৰ ভিতৰত দুজন শোণিতপুৰ আৰু দক্ষিণ শালমাৰা জিলাৰ কাজিও আছে বুলি শ্ৰী গুপ্তাই জানিবলৈ দিয়ে। উল্লেখযোগ্য যে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে ৰাজ্যত বাল্য বিবাহ বিৰোধী অভিযান পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই অভিযানত গ্ৰেপ্তাৰ কৰা লোকসকলক আদালতত শীঘ্ৰে হাজিৰ কৰোৱা হ‘ব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। ৰাজ্য চৰকাৰে এই কু-প্রথা বন্ধ কৰিবলৈ সাহসী পদক্ষেপ অব্যাহত ৰাখিব বুলিও তেওঁ মন্তব্য কৰে। উল্লেখযোগ্য যে যোৱা বছৰৰ ফেব্ৰুৱাৰীত আৰম্ভ কৰা প্ৰথম পৰ্যায়ৰ বাল্য বিবাহ বিৰোধী অভিযানত ৩,৪২৫ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ৪,৩৮৭ টা গোচৰ ৰুজু কৰা হৈছিল। অক্টোবৰত চলোৱা দ্বিতীয় পৰ্যায়ৰ অভিযানত ৯১৩ জন লোকক গ্ৰেপ্তাৰ কৰাৰ উপৰি ৬৮২ টা গোচৰ ৰুজু হৈছিল বুলি অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান গৰাকীয়ে প্ৰকাশ
কৰে।
Site Admin | December 23, 2024 12:31 PM | Assam Police