অসম আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। এনে অভিযানৰ অংশ হিচাপে কাছাৰ আৰক্ষীয়ে শিলচৰ আৰু ৰামনগৰত বিশেষ অভিযান চলাই ৫৭২ গ্রাম হেৰইন আৰু ৭ কোটি টাকা মূল্যৰ ১০ হাজাৰ য়াবা টেবলেট উদ্ধাৰ কৰিছে। এই ঘটনা সংক্ৰান্তত আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছে । ইপিনে বিশ্বনাথ আৰক্ষীয়ে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন বাহনৰ পৰা ৩১৪ কিলোগ্রাম গাঞ্জা উদ্ধাৰ কৰিছে। উদ্ধাৰ কৰা গাঞ্জাখিনিৰ মূল্য এক কোটি ৫৭ লাখ হ’ব বুলি অনুমান কৰা হৈছে।
Site Admin | October 8, 2024 12:23 PM | Assam Police
নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত
