June 14, 2024 12:37 PM | Assam Police

printer

চাইবাৰ অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত লাভ কৰা সফলতাৰ বাবে আৰক্ষীক মুখ্যমন্ত্ৰীৰ অভিনন্দন

অসম আৰক্ষীয়ে চাইবাৰ অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাৰ ফলত বিগত চাৰি মাহত ৭৮ লাখতকৈও অধিক ধন অপৰাধীৰ হাতৰ পৰা ওভতাই আনিবলৈ সমৰ্থ হৈছে। মুখ্যমন্ত্ৰী ডº হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যম যোগে এই বিষয়ে প্রকাশ কৰি এই সফলতাৰ বাবে আৰক্ষীক অভিনন্দন জ্ঞাপন কৰে। শেহতীয়াকৈ আৰক্ষীয়ে দুমাহৰ ভিতৰতে চাইবাৰ প্ৰবঞ্চনাৰ গোচৰ নিস্পত্তি কৰি মহানগৰীৰ এগৰাকী জ্যেষ্ঠ নাগৰিকৰ ১০ লাখ ৫০ হাজৰৰো অধিক ধন প্রবঞ্চকৰ হাতৰ পৰা ঘূৰাই আনিবলৈ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে ১৯৩০ ডায়েল কৰি যিকোনো চাইবাৰ প্ৰবঞ্চনাৰ ঘটনাৰ সন্মুখীন হোৱা মাত্ৰেই আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক