অসম আৰক্ষীৰ কনিষ্টবল আৰু সমপৰ্যায়ৰ অন্যান্য পদসমূহৰ বাবে লিখিত পৰীক্ষা ২৩ মাৰ্চৰ পৰিৱৰ্তে ৬ এপ্ৰিলত অনুষ্ঠিত হ’ব। প্ৰশাসনিক কাৰণত পৰীক্ষাৰ দিন সলনি কৰা হৈছে বুলি অসম আৰক্ষীৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰিষদে ইতিমধ্যে জাননীযোগে প্রকাশ কৰিছে। উল্লেখযোগ্য যে অসম আৰক্ষীৰ মুঠ ৫ হাজাৰ ৫৬৩টা পদৰ বাবে অনুষ্ঠিত শাৰীৰিক পৰীক্ষাৰ ফলাফলসমূহ যোৱা ১২ মাৰ্চত ঘোষণা কৰা হয়। ৬ এপ্ৰিলৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে যোগ্য প্ৰাৰ্থীসকলে ১ এপ্ৰিলৰ পুৱা ১১ বজাৰ পৰা প্ৰৱেশ পত্ৰসমূহ ডাউনলোড কৰিব পাৰিব ।
Site Admin | March 17, 2025 6:12 PM | Assam Police
৬ এপ্ৰিলত অসম আৰক্ষীৰ কনিষ্টবল আৰু সমপৰ্যায়ৰ অন্যান্য পদসমূহৰ বাবে লিখিত পৰীক্ষা
