ডাউনলোড
মোবাইল এপ

android apple
signal

March 5, 2025 12:04 PM | Assam Police

printer

অসম আৰক্ষীৰ ২০২টা পদৰ লিখিত পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা

অসম আৰক্ষীৰ ২০২টা উপ-পৰিদৰ্শক পদ আৰু অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ এটা সহকাৰী উপ নিয়ন্ত্রক পদৰ লিখিত পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা কৰা হব। www.slprbassam.in ৱেৱছাইটযোগে দিনৰ এঘাৰ বজাত ফলাফল উপলব্ধ হব। অসম আৰক্ষীৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰিষদে জাবি কৰা এখন জাননী অনুসৰি প্ৰাৰ্থীসকলে সংশ্লিষ্ট ৱেৱছাইটত আবেদনৰ নম্বৰ, নাম আৰু জন্মৰ তাৰিখ দাখিল কৰি ফলাফলসমূহ লাভ কৰিব। লগতে বিভিন্ন শাখাৰ উপ-পৰিদৰ্শক পদ লিখিত পৰীক্ষাত উত্তীৰ্ণসকলৰ বাবে ১৭ মাৰ্চৰ পৰা ২১ মাৰ্চলৈ কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়ন চৌহদত পুৱা ৭ বজাৰ পৰা শাৰীৰিক মান আৰু যোগ্যতা পৰীক্ষা অনুষ্ঠিত হব। লিখিত পৰীক্ষাত উত্তীর্ণ প্রার্থীসকলে শাৰীৰিক মান আৰু যোগ্যতা পৰীক্ষাৰ বাবে ৯ মাৰ্চৰ পুৱা এঘাৰ বজাৰ পৰা সংশ্লিষ্ট ৱেৱছাইটৰ পৰা প্ৰৱেশপত্র ডাউনলোড কৰিব পাৰিব। এটাতকৈ অধিক পদত উত্তীর্ণ প্রার্থীসকলে প্রবেশপত্র ডাউনলোড কৰাৰ পূৰ্বে কোনটো পদৰ বাবে অধিক আগ্রহী সেয়া উল্লেখ কৰিব লাগিব। যিকোনো কাৰিকৰী সহায়ৰ বাবে প্রার্থীসকলে ৮১০৮০-১৪৯৪৭ নম্বৰত যোগাযোগ কৰিব পাৰিব।

অধিক পঢ়ক

সকলো চাওক