ডাউনলোড
মোবাইল এপ

android apple
signal

February 18, 2025 1:07 PM | Assam Police

printer

ভাৰত বিৰোধী কার্যকলাপত জড়িত আলী তাকিৰ শেখৰৰ গোচৰৰ বিৰুদ্ধে মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট গঠন

অসম আৰক্ষীয়ে ভাৰত বিৰোধী কার্যকলাপত জড়িত থকাৰ অভিযোগত পাকিস্তানৰ আলী তাকিৰ শেখ নামৰ ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি এই সংক্ৰান্তত তদন্তৰ বাবে অপৰাধ অনুসন্ধান শাখাৰ সঞ্চালকপ্ৰধান মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত বিশেষ তদন্তকাৰী গোট গঠন কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই বিষয়ে প্রকাশ কৰে। এই তদন্তকাৰী গোটটোত আৰক্ষীৰ প্ৰশাসনীয় শাখাৰ সহকাৰী আৰক্ষী মহাপৰিদৰ্শক প্ৰণৱজ্যোতি গোস্বামী, মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ অধীক্ষক ৰ’জী কলিতা আৰু গুৱাহাটীৰ মহানগৰ পশ্চিম আৰক্ষীৰ অতিৰিক্ত আয়ুক্ত মৈত্রেয়ী ডেকাক অন্তৰ্ভুক্ত কৰা হৈছে। আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ অনুমতি সাপেক্ষে দলটোত পৰিদৰ্শক, উপ-পৰিদৰ্শক, কনিষ্টবলকে ধৰি অন্যান্যসকলক অন্তর্ভুক্ত কৰিব পাৰিব বুলি কোৱা হৈছে। বিশেষ তদন্তকাৰী দলটোৱে আৰক্ষী সঞ্চালকপ্ৰধানক নিয়মীয়াকৈ তদন্তৰ অগ্ৰগতি সম্পর্কে তথ্য দিব লাগিব বুলিও অসম আৰক্ষীয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে আৰক্ষীয়ে কালি ভাৰতীয় ন্যায় সংহিতাৰ নিৰ্দিষ্ট ধাৰা অনুসৰি পাকিস্তানী নাগৰিকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। দেওবাৰে ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকে বিষয়টো তদন্তৰ বাবে অনুমোদন জনাই আৰক্ষী সঞ্চালক প্ৰধানক জনোৱা আহ্বান মৰ্মে কালি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই আলী তাকিৰ শ্বেখ আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে বুলি আৰক্ষী সঞ্চালক প্রধান হৰমিত সিঙে প্ৰকাশ কৰে।

সঞ্চালক প্ৰধানগৰাকীয়ে কয়, যে এই ঘটনাৰ সকলো দিশ চালি-জাৰি চোৱাৰ লগতে ৰাজ্যৰ উপৰি দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলাব পৰা কোনো কাৰ্য সংঘটিত হৈছে নেকি সেই কথা নিশ্চিত কৰিবলৈ আৰক্ষীয়ে তদন্ত কৰিব। ভাৰতৰ অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা যিকোনো শক্তি প্ৰতিৰোধ কৰিবলৈ আৰক্ষীয়ে নিৰন্তৰ চেষ্টা অব্যাহত ৰাখিব বুলি শ্রীসিঙে উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক