June 3, 2024 7:53 PM | Assam Police

printer

ভোটগণনাৰ বাবে গুৱাহাটী মহানগৰীত যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি অসম আৰক্ষীৰ

অসম আৰক্ষীয়ে কাইলৈ ভোটগণনাৰ বাবে গুৱাহাটী মহানগৰীত যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ বয়-বস্তু পৰিবাহী যান-বাহনৰ চলাচল পুৱা ৪ বজাৰ পৰা ভোটগণনা শেষ নোহোৱা পৰ্যন্ত বন্ধ ঘোষণা কৰা হৈছে। একেদৰে গণনা কাৰ্য হ’বলগীয়া মণিৰাম দেৱান টেড চেণ্টাৰলৈ যান-বাহনৰ চলাচল নিয়ন্ত্ৰণৰ বাবে ৰাজীৱ গান্ধী পথটো ন’-পার্কিং জ’ন ঘোষণা কৰাৰ লগতে এই পথটোৰে যান-বাহন চলাচল নিয়ন্ত্ৰণ কৰা হৈছে। ইপিনে, মণিৰাম দেৱান টেড চেণ্টাৰলৈ ইণ্ডিয়ান অইল ক’পৰেচন লিমিটেডৰ ফালৰ পৰা ছাৰ্ভিচ লেনেৰে কোনো যান-বাহন প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। গড়চুকৰ দিশৰ পৰা অহা যান-বাহনসমূহো পোনপটীয়াকৈ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰৰ সন্মুখেৰে নহাকৈ ফ্লাই অ’ভাৰ হৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে।

অধিক পঢ়ক

সকলো চাওক