ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যত পঞ্চায়ত নির্বাচন হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ পাছতহে পাতিব পৰা হ’বঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি দেখা দিয়া অচলাৱস্থা বৰ্তমানেও অব্যাহত আছে। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হোৱা বিভিন্ন গোচৰক লৈ যোৱা কেইবাদিনো ধৰি শুনানি গ্ৰহণ কৰাৰ পাছত কালিৰ দিনটোত আদালতে এই বিষয়ে ৰায়দান কৰিব বুলি আশা কৰা হৈছিল। সেয়া হ’লেও আদালতে কালি ৰায়দানৰ পৰা বিৰত থকাত অচলাৱস্থাৰ অৱসান ঘটাটো সম্ভৱ নহ’ল। উচ্চ ন্যায়ালয়ৰ পৰা নিৰ্দেশনা লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত বহু চৰ্চিত এই পঞ্চায়ত নির্বাচন ৰাজ্যত হ’বলগীয়া হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ পৰৱৰ্তী পৰ্যায়তহে পাতিব পৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ইংগিত দিছে। তেওঁ কয়, যে অধিসূচনা জাৰি কৰাব পৰা নিৰ্বাচন পাতিবলৈ এমাহ সময়ৰ প্রয়োজন হয়৷ আনহাতে অহা ১৪ ফেব্ৰুৱাৰীৰ পৰা পৰীক্ষাসমূহ পাতিবলৈ লোৱা হৈছে। এনে প্ৰেক্ষাপটত অধিসূচনা জাৰিৰ পৰা নিৰ্বাচন অনুষ্ঠিত হোৱালৈ প্ৰয়োজনীয় সময়ৰ অভাৱৰ ফলত কাৰিকৰী কাৰণত নির্বাচন পিছুৱাই দিবলগীয়া হ’ব বুলি তেওঁ মত প্রকাশ কৰে। বিষয়টোক লৈ বিৰোধী কংগ্ৰেছ দলক সমালোচনা কৰাৰ লগতে উচ্চ ন্যায়ালয়ৰ ৰায়দান চৰকাৰী পক্ষৰ অনুকূলে নহ’লে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত পুনৰ উচ্চতম ন্যায়ালয়ত আবেদন জনাব বুলিও তেওঁ লগতে প্ৰকাশ কৰে। উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি আদালতত ৰুজু হোৱা একাধিক গোচৰৰ ভিত্তিত এই নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা ১৭ ডিচেম্বৰতেই স্থগিতাদেশ জাৰি কৰিছিল। পৰৱৰ্তী সময়ত এই গোচৰসমূহক লৈ কেইবাটাও শুনানি গ্রহণ কৰা হয় যদিও গুচৰীয়া আৰু চৰকাৰী উভয় পক্ষৰ যুক্তি প্ৰদৰ্শনৰ পাছত বৰ্তমানলৈ বিষয়টোৰ কোনো সমাধান সম্ভৱপৰ হোৱা নাই ৷

অধিক পঢ়ক

সকলো চাওক