আজিৰে পৰা ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ত ২৯ আগষ্টলৈ এম বি বি এছ পাঠ্যক্ৰমৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ

■ ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত আজিৰে পৰা ২৯ আগষ্টলৈ এম বি বি এছ পাঠ্যক্ৰমৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব। ৰাজ্যৰ চিকিৎসা সেৱা সঞ্চালকে কালি এই কথা ঘোষণা কৰে। অহা ৫ ছেপ্তেম্বৰত মহাবিদ্যালয়সমূহত নামভৰ্তি অনুষ্ঠিত হ’ব। ইপিনে, চৰকাৰী খণ্ডৰ মাতৃভাষা মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে এইবাৰ ৫ শতাংশ আসন সংৰক্ষণ কৰা হৈছে। সপ্তম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৰাজহুৱা খণ্ডৰ মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা শিক্ষাৰ্থীয়ে এই বিশেষ সুবিধা লাভ কৰিব। অসমৰ বাবে থকা মুঠ আসনৰ পৰা এই ৫ শতাংশ আসন সংৰক্ষণ কৰা হ’ব ।

অধিক পঢ়ক

সকলো চাওক