নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সভাপতি মল্লিকার্জুন খাৰ্গে কাইলৈ বৰপেটা সমষ্টিৰ দলীয় প্ৰাৰ্থী দীপ বায়নৰ সমৰ্থনত এখন প্ৰচাৰ সভাত অংশ লোৱাৰ বাবে অসমলৈ আহিব। বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ভৱানীপুৰ সৰভোগৰ ফুলগুৰিত আয়োজিত এই নির্বাচনী সভাত দলৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে অংশগ্ৰহণ কৰাৰ পূৰ্বে আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই এখন সংবাদ মেল সম্বোধন কৰে। শ্ৰীবৰাই অৰুণাচলত শৰণাৰ্থী হিচাপে থকা চাকমা-হাজংসকলক অসমত সংস্থাপন কৰিবলৈ বিচৰা হৈছে বুলি প্ৰকাশিত বাতৰি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে। এই সন্দৰ্ভত তেওঁ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে কাইলৈৰ এই সভাত সমিতিৰ সভাপতি ভূপেন কুমাৰ বৰা, তথা দলীয় নেতা দেৱব্ৰত শইকীয়া, গৌৰৱ গগৈকে ধৰি কেবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব।
Site Admin | April 26, 2024 8:51 PM | assam mallikarjun