ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ভোটগণনা প্রক্রিয়া পূর্ণগতিত অব্যাহত

অসমৰ ১৪টা লোকসভা সমষ্টিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত লোকসভা নিৰ্বাচনৰ ভোটগণনা প্রক্রিয়া পূর্ণগতিত অব্যাহত আছে। নির্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে ৮খন আসনত আৰু এন ডি এ মিত্ৰজোঁটৰে অগপই বৰপেটা সমষ্টিত জয়লাভ কৰিছে। ইয়াৰ বিপৰীতে কংগ্ৰেছে ৩ খন আসনত জয়লাভ কৰিছে। ডিব্ৰুগড় সমষ্টিত বিজেপিৰ সৰ্বানন্দ সোণোৱালে বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈক পৰাস্ত কৰে।
একেদৰে লখিমপুৰ, শোণিতপুৰ, কাজিৰঙা, শিলচৰ, ডিফু, গুৱাহাটী আৰু দৰং-ওদালগুৰিত জয়লাভেৰে বিজেপি নেতৃত্বাধীন এন ডি এৰ আসনৰ সংখ্যা ৯ লৈ বৃদ্ধি পাইছে।
লখিমপুৰ সমষ্টিত প্ৰদান বৰুৱাই কংগ্ৰেছৰ উদয় শংকৰ শ‍ইকীয়াক, কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছাই কংগ্ৰেছৰ ৰ’জলীনা তিৰ্কিক, শিলচৰত পৰিমল শুক্লবৈদ্যই কংগ্ৰেছৰে সূৰ্যকান্ত সৰকাৰক, ডিফুত অমৰ সিং টিছ’ই নিৰ্দলীয় প্রার্থী জে আই কাঠাৰক, গুৱাহাটীত বিজুলী কলিতা মেধিয়ে কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীক আৰু দৰং-ওদালগুৰিত দিলীপ শ‍ইকীয়াই কংগ্ৰেছৰ মাধৱ ৰাজবংশীক পৰাস্ত কৰে। ইপিনে কংগ্ৰেছে ধুবুৰী, যোৰহাট আৰু নগাঁও সমষ্টিত জয়লাভ কৰিছে। ধুবুৰী সমষ্টিত কংগ্ৰেছৰ ৰকিবুল হুছেইনে নিকটতম প্রতিদ্বন্দ্বী এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলক ৮ লাখৰো অধিক ভোটৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে। একেদৰে যোৰহাটত কংগ্ৰেছৰে গৌৰৱ গগৈয়ে নিকটতম প্রতিদ্বন্দ্বী বিজেপিৰ তপন গগৈক আৰু নগাঁও সমষ্টিত কংগ্ৰছ প্রার্থী প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিৰ সুৰেশ বৰাক পৰাস্ত কৰিবলৈ সমৰ্থ হয়।
ইফালে কোকৰাঝাৰ সমষ্টিত ইউ পি পি এলৰ জয়ন্ত বসুমতাৰীয়ে বিপিএফৰ খাম্ফা বৰগয়াৰীৰ বিৰুদ্ধে ৪৯ হাজাৰৰো অধিক ভোটৰ অগ্ৰগতিত জয় প্রায় সুনিশ্চিত কৰিছে। একেদৰে কৰিমগঞ্জ সমষ্টিত তুমুল প্রতিদ্বন্দ্বিতাৰ অন্তত কংগ্ৰেছ প্রার্থী হাফিজ ৰচিদ আহমেদ চৌধুৰীয়ে বিজেপিৰ কৃপানাথ মাল্লাৰ বিপৰীতে জয়ৰ দিশে অগ্ৰসৰ হৈছে।

অধিক পঢ়ক

সকলো চাওক