অসমত বিজেপি মিত্রজোঁটে ১০ খন আৰু কংগ্ৰেছে ৪ খন আসনত অগ্ৰগতি লাভ কৰি আছে

অসমৰ ১৪টা লোকসভা সমষ্টিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আজি পুৱাৰে পৰা লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰক্ৰিয়া পূর্ণগতিত অব্যাহত আছে। গণনাৰ শেহতীয়া তথ্য অনুসৰি বিজেপি মিত্রজোঁটে ১০ খন আৰু কংগ্ৰেছৰ প্ৰাৰ্থীয়ে ৪ খন আসনত অগ্ৰগতি লাভ কৰি আছে। দৰং-ওদালগুৰি সমষ্টিত বিজেপিৰ দিলীপ শ‍ইকীয়া নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীতকৈ প্রায় এক লাখ ৯৬ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। যোৰহাটত কংগ্ৰেছ দলৰ গৌৰৱ গগৈ, বিজেপিৰ তপন কুমাৰ গগৈতকৈ সামগ্রিকভাৱে এক লাখ ২৩ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। আনহাতে নগাঁৱত বিজেপি প্রার্থী সুৰেশ বৰাতকৈ কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ এক লাখ ৬০ হাজাৰতকৈ অধিক ভোটত আগবাঢ়ি আছে। কাজিৰঙা সমষ্টিত বিজেপিৰ কামাখ্যা প্ৰসাদ তাছা, কংগ্ৰেছৰ ৰ’জলীনা তিৰ্কিতকৈ এক লাখ ৫১ হাজাৰতকৈ অধিক ভোটত আগবাঢ়ি আছে। বৰপেটা সমষ্টিত এন ডি এৰ ফণীভূষণ চৌধুৰী, কংগ্ৰেছ প্রার্থী দ্বীপ বায়নতকৈ এক লাখ ৬৫ হাজাৰতকৈ অধিক ভোটত আগবাঢ়ি আছে। ইফালে ধুবুৰী সমষ্টিত কংগ্ৰেছ দলৰ ৰকিবুল হুছেইন, এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলতকৈ ৫ লাখ ৯২ হাজাৰৰো অধিক ভোটৰ বৃহৎ ব্যৱধানত আগবাঢ়ি আছে। ডিব্ৰুগড় সমষ্টিত বিজেপিৰ সৰ্বানন্দ সোণোৱাল বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈতকৈ ২ লাখ ৬১ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে।

Read More :

ডিফু সমষ্টিত নির্দলীয় প্রার্থী জে আই কাঠাৰতকৈ বিজেপিৰ অমৰ সিং টিছ’ই শেহতীয়া গণনা অনুসৰি ৯৪ হাজাৰতকৈ অধিক ভোটত আগবাঢ়ি আছে। কোকৰাঝাৰ সমষ্টিত বি পি এফৰ খাম্পা বৰ্গয়াৰীতকৈ ইউ পি পি এলৰ জয়ন্ত বসুমতাৰী ৫০ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। লখিমপুৰত বিজেপিৰ প্ৰদান বৰুৱাই নিকটতম প্রতিদ্বন্দ্বী উদয়শংকৰ হাজৰিকাতকৈ এক লাখ ৭৮ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। একেদৰে শোণিতপুৰতো বিজেপিৰ ৰঞ্জিত দত্ত নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছৰ প্ৰেমলাল গঞ্জুতকৈ ২ লাখ ৪৭ হাজাৰতকৈ অধিক ভোটত আগবাঢ়ি আছে। গুৱাহাটী লোকসভা সমষ্টিতো এন ডি এ প্রার্থী বিজুলী কলিতা মেধীয়ে কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীতকৈ ২ লাখ ৭ হাজাৰৰো অধিক ভোটত অগ্রগতি লাভ কৰি আছে। শিলচৰত এন ডি এ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই নিকটতম প্রতিদ্বন্দ্বী সূর্যকান্ত সৰকাৰতকৈ এক লাখ ৮৩ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। ইফালে কৰিমগঞ্জ সমষ্টিত কংগ্ৰেছ প্রার্থী হাফিজ ৰচিদ আহেমদ চৌধুৰী বিজেপিৰ কৃপানাথ মাল্লাতকৈ ৮ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে।

অধিক পঢ়ক

সকলো চাওক