ৰাজ্যত বিজেপি মিত্ৰজোঁটকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত

♦ সমাগত লোকসভা নির্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন স্থানত কালি শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁটকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহে প্ৰচাৰ অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ ঢেকিয়াজুলিত প্ৰচাৰ চলাব। মুখ্যমন্ত্ৰী ড° শৰ্মাই কালি কৰিমগঞ্জ মহাবিদ্যালয়ৰ খেলপথাৰত সমষ্টিটোৰ বিজেপি প্রার্থী কৃপানাথ মল্লাৰ হৈ প্ৰচাৰ চলায়। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাৰ সামগ্রিক উন্নয়নৰ বাবে বিজেপিক ভোট দিবলৈকে সকলোকে আহ্বান জনায়। আনহাতে, বিত্তমন্ত্রী অজন্তা নেওগে যোৰহাটত সমষ্টিটোৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ সমৰ্থনত কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। এই সভাকেইখনত বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ উপৰি বিজেপি আৰু অসম গণ পৰিষদৰ কেইবাগৰাকী জ্যেষ্ঠ নেতাই অংশ লয়।

ইপিনে, যোৰহাট সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে সমষ্টিটোৰ ছখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ইপিনে, মন্ত্রী পীযূষ হাজৰিকাই যোৰহাট সমষ্টিৰ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ সোণাৰি বিধানসভা সমষ্টিৰ লংপটীয়া, বেঙেনাবাৰী, নগাহাট, বৰহাট, আৰু চাহ বাগিচা অঞ্চলত প্ৰচাৰ চলায়। ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্রার্থী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নাহৰকটীয়া বিধানসভা সমষ্টিত প্ৰচাৰ চলায়।

চিৰাং জিলাৰ বিভিন্ন অঞ্চলত কালি কোকৰাঝাৰ সমষ্টিৰ বিজেপি, অগপ আৰু ইউপিপিএল মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত মটৰ চাইকেল সমদল উলিওৱা হয়। দলৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীৰ লগতে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই সমদলত অংশ লয়। ইপিনে, তৃতীয় পৰ্যায়ত নির্বাচন অনুষ্ঠিত হ’বলগীয়া বৰপেটা সমষ্টিত কালি চি পি আই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে প্ৰচাৰ অভিযান চলায়। তদুপৰি, কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাই ডিফুত দলৰ সমর্থকসকলক সাক্ষাৎ‍ কৰে। শোণিতপুৰ লোকসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী ৰাজু দেউৰীয়ে গহপুৰত নির্বাচনী প্ৰচাৰ চলায়। গহপুৰৰ খেৰণিগোটত আয়োজিত প্ৰচাৰ কাৰ্যসূচীত ৪০ জন লোকে বিপিএফত যোগ দিয়ে।

অধিক পঢ়ক

সকলো চাওক