ৰাজ্যৰ বান পৰিস্থিতি নিয়ন্ত্রণাধীনঃ মুখ্যমন্ত্রী

ৰাজ্যৰ বান পৰিস্থিতি নিয়ন্ত্রণাধীন বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই তেজপুৰত কালি মন্তব্য কৰে। তেওঁ কয় যে ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ক্ষিপ্ৰতাৰে কাম কৰি আছে। নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যৰ কেইবাখনো নৈ-উপনৈৰ জলপৃষ্ঠ বিপদসীমা অতিক্ৰম কৰিলেও বান পৰিস্থিতি নিয়ন্ত্রণাধীন বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ৰাজ্যত শেহতীয়াকৈ ২২ খন জিলা বানৰ কবলত পৰিছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি এই পৰ্যন্ত ৬৭টা ৰাজহ চক্ৰৰ এহেজাৰ ৩০০খনৰো অধিক গাঁৱৰ ৪ লাখ ৯ হাজাৰৰো অধিক লোক বানৰ কবলত পৰিছে। প্ৰশাসনে স্থাপন কৰা ১০৫ টা আশ্রয় শিবিৰত ১৪ হাজাৰৰো অধিক লোকে আশ্রয় গ্ৰহণ কৰি আছে। প্রবল বৃষ্টিপাতৰ ফলত ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ বিভিন্ন নৈ-উপনৈৰ পানী বৃদ্ধি পোৱাত ৰাজ্যৰ ন-ন অঞ্চল প্লাৱিত হৈছে। Imageইপিনে, নগৰ অঞ্চলত হোৱা বানত কোকৰাঝাৰ, কামৰূপ, কাছাৰ, কামৰূপ মহানগৰ আৰু নলবাৰী জিলাত এহেজাৰতকৈ অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। প্ৰশাসনে এই জিলাকেইখনত স্থাপন কৰা দুটা আশ্রয় শিবিৰত ২৩৫ জনৰো অধিক লোকে আশ্ৰয় লৈ আছে। ইপিনে, বানৰ ফলত বিভিন্ন অঞ্চলত পথ যোগাযোগ আৰু আন্তঃগাঁথনিৰো ক্ষতি হৈছে। নামনি অসমৰ ধুবুৰী, তামুলপুৰ, দৰং আদি জিলাত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। গোৱালপাৰা জিলাৰ দুধনৈ আৰু বালিজানা ৰাজহ চক্ৰ এলেকাত বান পৰিস্থিতি কিছু উন্নত হোৱাৰ বিপৰীতে লক্ষীপুৰ আৰু মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁওসমূহ প্লাৱিত হৈছে। জিলাখনত ৯৮ খন ৰাজহ গাঁও জলমগ্ন অৱস্থাত আছে। প্লাৱিত গাঁৱৰ সংখ্যা লক্ষীপুৰ ৰাজহ চক্ৰত ৪৫ খন আৰু মাটিয়া ৰাজহ চক্ৰত ৪৩ খনলৈ বৃদ্ধি পাইছে। বৰপেটা জিলাৰ পাকা বেতবাৰী সমষ্টিৰ বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। পূৰ্বে প্ৰৱল বৰষুণৰ বাবে ঠায়ে ঠায়ে কৃত্রিম বানৰ সৃষ্টি হৈছে যদিও জিলাখনৰ কালদিয়া নৈৰ বাঢ়নি পানীয়ে বান পৰিস্থিতি জটিল কৰি তুলিছে। কালদিয়া নৈৰ বাঢ়নি পানীয়ে সৰুক্ষেত্ৰীৰ বিস্তীর্ণ অঞ্চল বুৰাই পেলাইছে। আজি বাঢ়নি পানী বৃদ্ধি পোৱাত আন কেইবাখনো গাঁও জলমগ্ন হৈছে। কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কালি বজালীত বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। বানত ক্ষতিগ্রস্ত লোকক সাহায্য প্ৰদান আৰু প্ৰয়োজনীয় সহায় কৰাৰ বাবে জিলা আয়ুক্তক মন্ত্ৰীগৰাকীয়ে নির্দেশ দিয়ে। দৰং জিলাৰ মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত কবিকাৰা গাঁৱত মথাউৰি ছিগি বিস্তীর্ণ অঞ্চল প্লাৱিত হৈছে। শাকতোলা নৈৰ বাঢ়নি পানীয়ে মথাউৰি ছিগি পেলোৱাত সেই অংশৰে পানী সোমাই খেতি-পথাৰ, বাট-পথ বুৰাই পেলাইছে। অৱশ্যে প্ৰশাসনে তৎপৰতাৰে মথাউৰি ছিগা অংশৰ মেৰামতিৰ কাম আৰম্ভ কৰিছে।

অধিক পঢ়ক

সকলো চাওক