তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ কালি সামৰণি পৰে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অহা ৭ মে’ত অনুষ্ঠিত হ’ব। দেশৰ ১০খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৪টা সমষ্টিৰ বাবে সেইদিনা ভোটগ্ৰহণ কৰা হ’ব। এই পৰ্যায়ৰ বাবে মনোনয়ন পত্রসমূহ আজি পৰীক্ষা কৰা হ’ব। পৰহিলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধার্য কৰা হৈছে। মনোনয়ন দাখিলৰ অন্তিম দিনা কালি গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ পূৰ্বে খানাপাৰাত অনুষ্ঠিত এখন জনসভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা উপস্থিত থাকে। বিজেপি প্রার্থীগৰাকীৰ সমৰ্থনত আয়োজিত জনসভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্রী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক সিদ্ধার্থ ভট্টাচাৰ্য্য, অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা প্ৰমুখ্যে কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰে। ইপিনে, বৰপেটা লোকসভা সমষ্টিৰ চি পি আই এম প্রার্থী মনোৰঞ্জন তালুকদাৰে কালি মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে বৰপেটা পৌৰ সভাৰ খেলপথাৰত অনুষ্ঠিত এখন জনসভাত উদ্ধৱ বৰ্মন, হেমেন দাসসহ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। বৰপেটা লোকসভা সমষ্টিৰ বাবে মুঠ ১৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। ইপিনে, অসম তৃণমূল কংগ্ৰেছে কালি বৰপেটাৰ বাবে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে। দলটোৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই জিলা কাৰ্যালয়ত ইস্তাহাৰ মুকলি কৰি সমষ্টিটোৰ বিকাশৰ বাবে ৯টা বিষয় অন্তৰ্ভুক্ত কৰা হৈছে বুলি সদৰি কৰে। কোকৰাঝাৰ সমষ্টিৰ বিপিএফ প্রার্থী খাম্ফা বৰগয়াৰীয়েও মনোনয়ন পত্ৰ দাখিল কৰে।
Site Admin | April 20, 2024 12:19 PM | Assam lok sabha election