ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ সম্পন্ন, বিয়লি ৫ বজাপর্যন্ত ৭০ শতাংশৰো অধিক ভোটদান

ৰাজ্যৰ ৫টা সমষ্টিত আজি শান্তিপূর্ণভাৱে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ সম্পন্ন হয়। অৱশ্যে ৫ বজাৰ আগেয়ে ভোটকেন্দ্ৰসমূহত উপস্থিত হোৱা ভোটদাতাসকলক ভোটদানৰ সুবিধা প্ৰদান কৰি থকা হৈছে। বিয়লি ৫ বজাপর্যন্ত ৰাজ্যখনত ৭০ শতাংশৰো অধিক ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছে। আজি প্ৰতিটো সমষ্টিৰ অন্তৰ্গত ভোটকেন্দ্ৰসমূহত পুৱা ৭ বজাৰে পৰা ভোটদাতাৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয়। দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিত নিয়াৰিকৈ ভোটগ্রহণ সম্পন্ন হৈছে বুলি আমাৰ সংবাদাতাসকলে জানিবলৈ দিছে। দৰং-ওদালগুৰি সমষ্টিত প্রায় ৭৩ শতাংশ, ডিফুত প্ৰায় ৬৯ শতাংশ, কৰিমগঞ্জত ৭১ শতাংশৰো অধিক, নগাঁৱত ৭১ দশমিক ৮৪ শতাংশ আৰু শিলচৰত ৬৫ শতাংশৰো অধিক ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিছে। শিলচৰ সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই আজি পুৱাৰ ভাগতে সমষ্টিটোৰ ধলাইত ভোটৰ অধিকাৰ সাব্যস্ত কৰে। নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্রার্থী প্ৰদ্যুত বৰদলৈয়ে মৰিকলং উচ্চ মাধ্যমিক বিদ্যালয় আৰু বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাই উৰিয়াগাঁও বালিকা মজলীয়া বিদ্যালয়ৰ ভোটগ্রহণ কেন্দ্ৰত ভোটদান কৰে। কৰিমগঞ্জ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কৃপানাথ মাল্লা আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী হাফিজ ৰছিদ চৌধুৰীয়ে দুপৰীয়াৰ ভাগত ভোটদান কৰে। কৰিমগঞ্জ সমষ্টিৰ অন্তৰ্গত কৰিমগঞ্জ নির্বাচনী জিলাৰ ভোটকেন্দ্ৰসমূহত প্রায় ৭৩ শতাংশ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে। নগাঁও নিৰ্বাচনী জিলাৰ অন্তৰ্গত কেন্দ্ৰসমূহত ৭১ শতাংশৰো অধিক ভোটদাতাই আৰু দৰং-ওদালগুৰি সমষ্টিৰ অন্তৰ্গত কামৰূপ জিলাৰ ২টা বিধানসভা সমষ্টিত সামগ্রিকভাৱে ৭৮ শতাংশৰো অধিক ভোটদান কৰে।

অধিক পঢ়ক

সকলো চাওক