কোকৰাঝাৰ লোকসভাৰ ৩টা বিধানসভা সমষ্টিত নির্বাচনী প্ৰস্তুতিৰ বুজ লয় ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে

ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত তিনিটা বিধানসভা সমষ্টিত নির্বাচনী প্ৰস্তুতিৰ বুজ লয়। গোসাঁইগাঁও আৰু বিজনীত শ্রীগোৱেলে নির্বাচনী বিভিন্ন কাম-কাজ পর্যালোচনা কৰাৰ লগতে চিৰাং আৰু ছিডলী নির্বাচনী জিলাৰ প্ৰস্তুতি সন্দৰ্ভত কাজলগাঁও জিলাৰ নিৰ্বাচনী বিষয়া পি বিজয় ভাস্কৰ ৰেড্ডী আৰু আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰাৰ লগতে অন্যান্যসকলৰ সৈতে আলোচনা কৰে। বৈঠকৰ অন্তত মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে চাৰিওটা সমষ্টিৰ অন্তৰ্গত নিৰ্বাচনী জিলাসমূহত প্রয়োজনীয় প্রস্তুতি প্রায় সম্পূৰ্ণ হৈছে। বিষয়াগৰাকীয়ে আজি কাজলগাঁৱত স্থাপন কৰা ষ্ট্ৰং ৰূম আৰু ভোটগণনা কেন্দ্ৰ পৰিদৰ্শন কৰে। তেওঁ লগতে কয় যে, নির্বাচন শান্তিপূর্ণ আৰু নিয়াৰিকৈ অনুষ্ঠিত হোৱাটো নিশ্চিত কৰিবলৈ সকলো ব্যৱস্থা লোৱা হৈছে। সমষ্টিসমূহত ভোটগ্রহণৰ বাবে পৰ্যাপ্তসংখ্যক ই ভি এম মজুত কৰাৰ লগতে ভোটগ্রহণ কেন্দ্ৰলৈ ই ভি এমসহ বিষয়াসকলক লৈ যাবলগীয়া বাহনসমূহত জি পি এছ সংলগ্ন কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। তদুপৰি, কোনো ভোটকেন্দ্ৰত ই ভি এমৰ কাৰিকৰী বিজুতি ঘটিলে ততালিকে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও শ্রী গোৱেলে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক